ফ্ৰান্সত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ফ্রান্স ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় নাগৰিকসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

ফ্ৰান্সত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ প্ৰবাসী ভাৰতীয়ৰ লগতে ফ্রান্স ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় নাগৰিকসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ফ্ৰান্সৰ ভাৰতীয় দূতাবাসেও প্রবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থকাৰ বাবে আৰু প্ৰতিবাদস্থলীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে দৈনন্দিন জীৱন-যাপনত ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি, বিদ্যালয় শিক্ষাৰ শোচনীয় অৱস্থা তথা চৰকাৰৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টিক কেন্দ্ৰ কৰি ফ্ৰান্সৰ কেইবাখনো চহৰত যোৱা সপ্তাহৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। প্ৰতিবাদকাৰীৰ একাংশই জনসাধাৰণৰ সমস্যা সমাধানত দেশখনৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ তুলিছে।

১৭ অক্টোবৰত পেৰিছকে ধৰি কেইবাখনো চহৰত প্ৰতিবাদী কাৰ্যসূচীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে। অৱশ্যে বহু প্ৰতিবাদকাৰীয়ে শান্তিপূর্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। এনে পৰিস্থিতিত দেশখনৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি আৰু যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত ব্যাঘাত সৃষ্টি হোৱাৰ বাবে ফ্ৰান্সৰ ভাৰতীয় দূতাবাসে জাৰি কৰা সকলো নিৰ্দেশনা মানি চলিবলৈ ভাৰতীয়সকলক পৰামৰ্শ দিছে। তদুপৰি চৰকাৰৰ ফালৰপৰা জাৰি কৰা জাননী আৰু তথ্যসমূহ অহৰহ নিৰীক্ষণ কৰি থাকিবলৈও আহ্বান জনোৱা হৈছে।

তদুপৰি জৰুৰীকালীনভাৱে ফ্রান্স ভ্ৰমণ কৰিব খোজাসকলক বিমান সংস্থা নাইবা ট্রেভেল এজেন্সিসমূহৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। ভাৰতীয় দূতাবাসে নাগৰিকসকলৰ সহায়ৰ বাবে ৩৩৬৪৮৩৪০০ আৰু ৩৩৭৪৩১৬২৫৫৯ নম্বৰ দুটা মুকলি কৰিছে।

উল্লেখযোগ্য যে ফ্ৰান্সত অব্যাহত থকা প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰ’ৱে সকলোধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। তদুপৰি হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও ঘোষণা কৰিছে।