October 22, 2026 4:20 PM

views 5

পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পর্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থ সম্বলিত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত মত-বিনিময় কৰে। আজি এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয় যে বিশ্ব সম্প্ৰতি অনিশ্চয়তা আৰু ৰূপান্তৰৰ সময়ৰ মাজেৰে পাৰ হৈছে আৰু এই প্ৰত্যাহ্বানসমূহ সত্বেও ভাৰত আৰু পোলেও বিকাশ, প্রযুক্তি আৰু উদ্ভাৱনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে।...

October 22, 2026 5:59 PM

views 4

বঙাইগাঁও চহৰৰ এখন হোটেলত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ উপ-আৰক্ষী অধীক্ষক খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁও চহৰৰ এখন হোটেলত আৰক্ষীয়ে আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ উপ-আৰক্ষী অধীক্ষক খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰে। আমাৰ বঙাইগাঁৱৰ সংবাদদাতাই জনোৱা মতে কৰ্তব্যৰ পৰা ছুটী লৈ বিষয়াগৰাকীয়ে যোৱা ১৮ অক্টোবৰত হোটেললৈ আহিছিল। যোৱা ২০ অক্টোবৰলৈ তেওঁ নিজৰ কোঠাতেই খাদ্য গ্রহণ কৰিছিল বুলি হোটেল কর্তৃপক্ষই জনাইছে। ইয়াৰ মাজতে আজি বন্ধ কোঠাটোৰ পৰা দুৰ্গন্ধ ওলোৱাত হোটেল কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে আৰু জিলা দণ্ডাধীশৰ উপস্থিতিত কোঠাটোৰ দুৱাৰ ভাঙি মজিয়াত পৰি থকা অৱস্থাত আৰক্ষী অধীক্ষকগৰাকীৰ মৃতদেহ উদ্...

October 21, 2026 8:41 PM

views 12

গোৱালপাৰা জিলাৰ কুঁৱাৰ পানীত পূৰ্বে চিনাক্ত নোহোৱা দুবিধ তলসুঁতীয়া মাছ আৱিষ্কাৰ

গোৱালপাৰা জিলাৰ কুঁৱাৰ পানীত পূৰ্বে চিনাক্ত নোহোৱা দুবিধ তলসুঁতীয়া মাছ আৱিষ্কাৰ কৰা হৈছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইয়াৰ লগে লগে অসমে গোলকীয় জৈৱ বৈচিত্র্য গৱেষণাৰ দিশত বিজ্ঞানীসকলক নতুন চিন্তাৰ সমল দিছে। আৱিষ্কৃত মাছ দুবিধক গিচাক নাকানা আৰু ৰাকথামিচথিচ আঞ্চি বুলি কোৱা হৈছে। ইয়াৰে গিচাক নাকানা নামৰ মাছবিধ অতি ক্ষুদ্র, স্বচ্ছ আৰু চকুহীন। স্বচ্ছ হোৱা বাবে ইয়াৰ তেজ আৰু ভিতৰৰ অংগসমূহ স্পষ্টকৈ দেখা যায় আৰু ৰঙচুৱা যেন দেখি। আন...

October 21, 2026 8:41 PM

views 11

বাক্সাৰ শালবাৰীৰ ৰূপহীত চতুৰ্থ বাৰ্ষিক মাইনাও খেৰাই মেলা আৰু ৫৮ সংখ্যক বাথৌ মেলা ৭ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ

বাক্সা জিলাৰ শালবাৰীৰ ৰূপহীত চতুৰ্থ বাৰ্ষিক মাইনাও খেৰাই মেলা আৰু ৫৮ সংখ্যক বাথৌ মেলা ৭ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰতিটো দিনতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কালি অনুষ্ঠানৰ অংশহিচাপে আয়োজিত মুকলি সভাত অংশ লৈ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে মাইনাও পূজাৰ তাৎপর্য ব্যাখ্যা কৰে।

October 21, 2026 8:30 PM

views 13

মণিপুৰত হিংসাত্মক ঘটনাত ক্ষতিগ্রস্ত লোকসকলক শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক বিশ্বাস পুনৰুদ্ধাৰৰ আহ্বান নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ

মণিপুৰত হিংসাত্মক ঘটনাত ক্ষতিগ্রস্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰি ৰাজ্যখনত শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক বিশ্বাস পুনৰুদ্ধাৰৰ আহ্বান জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই। আজি ক'হিমাত নাগা পিপলছ ফ্ৰণ্টৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ দি ৰিঅ'ই দশকজোৰা নাগা ৰাজনৈতিক সমস্যাৰ এক সৰ্বাংগীন আৰু সকলো পক্ষৰ গ্ৰহণযোগ্য সমাধানৰ বাবেও আহ্বান জনায়। তেওঁ কয় যে নাগা জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে আলোচনাত জড়িত সকলো পক্ষই আন্তৰিকতাৰে আগবাঢ়ি অহা উচিত। ৰাজনৈতিক সমাধানৰ অপেক্ষাত উন্নয়...

October 21, 2026 8:28 PM

views 7

চৰকাৰে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পৰা মাদক দ্ৰব্যৰ ভয়াৱহতা নির্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে চৰকাৰে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পৰা মাদক দ্ৰব্যৰ ভয়াৱহতা নির্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে দেশৰ সকলো আৰক্ষী বাহিনীক ২০২৯ চনৰ শেষলৈ মাদক দ্ৰব্যৰ ভয়াৱহতাৰ পৰা মুক্ত হোৱাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। তেওঁ এই বিষয়টোক এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি কয় যে মাদক দ্রব্যই ভৱিষ্যৎ প্ৰজন্মক নষ্ট কৰাৰ লগতে অৰ্থনীতিত অনাৱশ্যক বোজাৰ সৃষ্...

October 21, 2026 8:16 PM

views 9

এছিয়ান পেৰা গেমছত ভাৰত মুঠ ৫৯ টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত আছে

জাপানৰ আইচি-নাগ’য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতীয় খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। ভাৰতে বৰ্তমানলৈকে প্ৰতিযোগিতাত ১৪ টা সোণ, ২১ টা ৰূপ আৰু ২৪ টা ব্ৰঞ্জসহ মুঠ ৫৯ টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত আছে। ভাৰতৰ দিলীপ গাৱিতে আজি টি- 46 - টি-47 যুটীয়া শিতানৰ পুৰুষৰ ১০০ মিটাৰত সোণৰ পদক অৰ্জন কৰে। সতীৰ্থ খেলুৱৈ মহম্মদ মৰচিংগা নাকাথে এই শিতানত ৰূপৰ পদক হস্তগত কৰে। ইপিনে, পুৰুষৰ শ্বটপুট এফ-ফৰটি ছিক্স শিতানত আজি শচীন ছাৰ্জেৰাও খিলাড়ীয়ে সোণৰ পদক, মহম্মদ য়াচিৰে ৰূপৰ পদক আৰু পাৰভীনে ব্ৰঞ্জ...

October 21, 2026 8:07 PM

views 8

কেন্দ্রীয় বিত্ত মন্ত্রালয়ে পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায় পৰ্যায়ত ৰাষ্ট্ৰজুৰি বিত্তীয় অন্তর্ভুক্তি অভিযান আৰম্ভ কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রালয়ে পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায় পৰ্যায়ত আজি ৰাষ্ট্ৰজুৰি বিত্তীয় অন্তর্ভুক্তি অভিযান আৰম্ভ কৰিছে। অহা ৩১ ডিচেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ২ লাখ ৭০ হাজাৰ গাওঁ পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায় সামৰি লোৱা হ'ব। বিত্তীয় সেৱা বিভাগে প্ৰকাশ কৰা মতে, এই অভিযানৰ অধীনত বেংকসমূহে প্রধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা, প্রধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ অধীনত নাম পঞ্জীয়নৰ বাবে শিবিৰৰ আয়োজন কৰিছে। এই অভিযানৰ জৰিয়তে ৰবি শ...

October 21, 2026 7:50 PM

views 11

এছিয়ান পেৰা গেমছত ভাৰতৰ পেৰা এথলীটসকলৰ অনবদ্য প্ৰদৰ্শন

জাপানৰ আইচি-নাগ’য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতৰ পেৰা এথলীটসকলে আজিও অনবদ্য প্ৰদৰ্শন আগবঢ়াইছে। পুৰুষৰ শ্বটপুট এফ-ফটি ছিক্স শিতানত আজি শচীন ছাৰ্জেৰাও খিলাড়ীয়ে সোণৰ পদক, মহম্মদ য়াচিৰে ৰূপৰ পদক আৰু পাৰভীনে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰবীণ কুমাৰে পুৰুষৰ হাইজাম্পৰ টি-ফটি ফৰ-ছিক্সটি ফৰ শিতানত সোণৰ পদক জয়েৰে অভিলেখ গঢ়িছে। একেটা শিতানতে বন্তিয়ে ৰূপৰ পদক জয় কৰে। এইপর্যন্ত ১৩টা সোণ, ১৮টা ৰূপ আৰু ১৯টা ব্ৰঞ্জসহ ভাৰতে মুঠ ৫০টা পদক অৰ্জন কৰিছে। পুৰুষৰ শ্বটপুট এফ-ফিফটি থ্রী শিতানত ভাৰতৰ আয়ুষ বার্মা...

October 21, 2026 7:39 PM

views 6

নংচুমত সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ জন লোকক আটক মণিপুৰ আৰক্ষীৰ

মণিপুৰ আৰক্ষীয়ে যোৱা সোমবাৰে নংচুমত সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ জন লোকক আটক কৰিছে। ইম্ফলত কালি সন্ধিয়া এখন সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান লাহাৰী দৰ্জী হাটোই কয় যে আচাম ৰাইফলছ, মণিপুৰ আৰক্ষী, চি আৰ পি এফ আৰু স্থলসেনা বাহিনীৰ এটা যৌথ দলে অভিযান চলাই নংচুম পাহাৰত ৩ জন খৰিকটীয়া হত্যাৰ ঘটনা সংক্রান্তত এই লোক তিনিজনক আটক কৰে। ধৃত লোক ৩ জনৰ এজনে ঘটনাৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। তেঁও কয় যে অভিযানত আই এন এছ এ এছ ৰাই...