October 21, 2026 7:39 PM

views 6

নংচুমত সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ জন লোকক আটক মণিপুৰ আৰক্ষীৰ

মণিপুৰ আৰক্ষীয়ে যোৱা সোমবাৰে নংচুমত সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ জন লোকক আটক কৰিছে। ইম্ফলত কালি সন্ধিয়া এখন সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান লাহাৰী দৰ্জী হাটোই কয় যে আচাম ৰাইফলছ, মণিপুৰ আৰক্ষী, চি আৰ পি এফ আৰু স্থলসেনা বাহিনীৰ এটা যৌথ দলে অভিযান চলাই নংচুম পাহাৰত ৩ জন খৰিকটীয়া হত্যাৰ ঘটনা সংক্রান্তত এই লোক তিনিজনক আটক কৰে। ধৃত লোক ৩ জনৰ এজনে ঘটনাৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। তেঁও কয় যে অভিযানত আই এন এছ এ এছ ৰাই...

October 20, 2026 6:53 PM

views 16

বঙাইগাঁও জিলাত আৰ্ডিছিয়া ক’ল’ৰাটা নামৰ এবিধ বিৰল প্ৰজাতিৰ গুল্মজাতীয় উদ্ভিদ পুনৰ আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে ২০৪ বছৰৰ পাছত বঙাইগাঁও জিলাত আৰ্ডিছিয়া ক’ল’ৰাটা নামৰ এবিধ বিৰল প্ৰজাতিৰ গুল্মজাতীয় উদ্ভিদ পুনৰ আৱিষ্কাৰ কৰিছে। অভয়াপুৰী অঞ্চলত কৰা এই আৱিষ্কাৰৰ ফলত ২০০ বছৰৰো অধিক সময়ৰ পাছত দেশত এই প্রজাতিবিধৰ উপস্থিতি নিশ্চিত হৈছে। ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সমগ্ৰ অসমত কৰা জৰীপৰ সময়ত এই প্রজাতিবিধৰ আৱিষ্কাৰ হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক মানস বৰু...

October 20, 2026 5:34 PM

views 13

এছিয়ান পেৰা গেমছত ভাৰতৰ পেৰা এথলিট দীপ্তি জীৱনজীৰ সোণৰ পদক লাভ

জাপানৰ আইচি নাগ’য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে দুটা ৰূপৰ পদক অৰ্জন কৰিছে। পুৰুষৰ ৬৫ কিলোগ্রাম পাৱাৰ লিফ্‌টিং ইভেণ্টত ভাৰতৰ অশোকে ১৯২ কিলোগ্রাম ভাৰোত্তলনেৰে ৰূপৰ পদক অর্জন কৰে। চীনৰ জ’ য়িয়ে ২১৬ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে ১৭৭ কিলোগ্রাম ওজন শাখাত ইণ্ডোনেছিয়াৰ মাৰ্গোনোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ৱান ইভেণ্টত ভাৰতৰ পেৰা শ্বুটাৰ মণিষ নাৰৱালে ফাইনেলত ২৩৩.৭ পইণ্ট লাভেৰে ৰূপৰ পদক অৰ্জন কৰে। দক্ষিণ কোৰিয়াৰ জ’ জেওংডুৱে সোণৰ পদক আৰু চীনৰ য়াং ছা...

October 20, 2026 5:25 PM

views 9

মানচাৰ মাদকদ্রব্য বিৰোধী কর্মী পৰবিন্দৰ সিং ঝুটাৰ হত্যাকাণ্ডৰ গোচৰ চিবিআইক অৰ্পনৰ কথা প্ৰকাশ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি চৰকাৰে মানচাৰ মাদকদ্রব্য বিৰোধী কর্মী পৰবিন্দৰ সিং ঝুটাৰ হত্যাকাণ্ডৰ গোচৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা - চি বি আইক অৰ্পন কৰা বুলি ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা বিবৃতিত মুখ্যমন্ত্রী শ্রী মানে কয়, যে চৰকাৰ পৰবিন্দ সিঙৰ পৰিয়ালৰ সৈতে আছে আৰু পৰিয়ালৰ দাবী চৰকাৰে মানি লৈ তেওঁৰ মৃত্যুৰ তদন্তভাৰ চি বি আইক অর্পণ কৰিছে। তেওঁ কয়, যে পাঞ্জাৱক মাদকদ্রব্য বিৰোধী মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ল'বলগীয়া প্রয়োজনীয় পদক্ষেপ সন্দৰ্ভত চৰকাৰে সকলো ব্যৱস্থাই গ্রহ...

October 20, 2026 5:01 PM

views 9

মিজোৰামৰ লিভিং মিউজিয়াম প্রত্যক্ষভাৱে উপভোগ কৰাৰ সুযোগ প্ৰদান

মিজোৰামৰ ফাল্কানৰ জোখোৱাত অৱস্থিত মিজো গ্রাম্য সমাজক আধাৰ কৰি স্থাপন কৰা লিভিং মিউজিয়াম বা জীৱন্ত সংগ্ৰহালয়ত দৰ্শনাৰ্থীসকলক পৰম্পৰাগত মিজো ৰীতি-নীতি আৰু জীৱন ধাৰণৰ পদ্ধতি প্রত্যক্ষভাৱে উপভোগ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। সেয়ে সংগ্ৰহালয়টো মুকলি কৰা দিনৰে পৰা যথেষ্ট সংখ্যক দৰ্শকৰ সঁহাৰি লাভ কৰিছে। কলা আৰু সংস্কৃতি বিভাগে স্থাপন কৰা এই মিজো টিপিকেল ভিলেজৰ লক্ষ্য হৈছে নৱ প্ৰজন্মক তেওঁলোকৰ পূৰ্ব পুৰুষৰ জীৱন আৰু পৰম্পৰাৰ ব্যৱহাৰিক আভাস দিয়া। ইয়াৰ উপৰিও স্কুলীয়া শিক্ষাৰ্থীৰ বাবে এই সংগ্রহালয়ে শৈক...

October 20, 2026 4:56 PM

views 5

আজি বিশ্ব অষ্টিঅ’পৰ’চিছ দিৱস

আজি বিশ্ব অষ্টিঅ’পৰ’চিছ দিৱস৷ হাড়ৰ স্বাস্থ্য সুৰক্ষিত ৰখা সন্দৰ্ভত জন সচেতনতা বৃদ্ধি আৰু সময়মতে প্ৰতিৰোধ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিবছৰে ২০ অক্টোবৰৰ দিনটোত বিশ্ব অষ্টিঅ’পৰ’চিছ দিৱস পালন কৰি অহা হৈছে। এই বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে – Build, Protect, Strengthen your Bones for life অৰ্থাৎ জীৱনৰ বাবে আপোনাৰ হাড়সমূহ গঢ়ি তোলক, সুৰক্ষিত ৰাখক আৰু শক্তিশালী কৰক। সঠিক খাদ্যাভ্যাস আৰু ব্যায়ামৰ জৰিয়তে হাড় শক্তিশালী কৰি গঢ়ি তুলিব পাৰি। সৱল আৰু ৰোগমুক্ত দেহৰ বাবে শক্তিশালী হাড়ৰ প্ৰয়োজনীয়তা সন...

October 20, 2026 4:50 PM

views 9

তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সাক্ষাৎ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডুচানবেত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰৰ প্ৰধানসকলৰ বৈঠকৰ সমান্তৰালভাৱে আজি তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্রী শ্রী সিঙে কয়, যে এই বৈঠকত ভাৰত আৰু তাজিকিস্তানৰ মাজত থকা দীর্ঘদিনীয়া সম্পৰ্কত আলোকপাত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে ইৰানৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি মহম্মদ ৰেজা আফিকো সাক্ষাৎ কৰে। উল্লেখযোগ্য যে ডুশ্বানবেত কালিৰেপৰা অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ পঞ্চবিংশ ...

October 20, 2026 4:42 PM

views 10

পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছেঃ ড০ মোহন ভগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান ড০ মোহন ভগৱতে আজি কয়, যে পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয়, যে তথাকথিত উন্নত দেশসমূহেও এই ঢৌৰ প্ৰভাবৰ সন্মুখীন হৈছে আৰু অসহায় অনুভৱ কৰিছে। আজি পুৱা নাগপুৰৰ ৰেচিমবাগ খেলপথাৰত আৰ এছ এছৰ বাৰ্ষিক বিজয় দশমী উৎসৱৰ কাৰ্যসূচীত ভাষণ দি ড০ ভগৱতে কয়, যে দেশখনক ধংস কৰিবলৈ চেষ্টা কৰা শক্তিসমূহে পৰিকল্পিত কৌশলেৰে কাম কৰি আছে। তেওঁ সতৰ্ক কৰি দি কয়, যে শাসন পৰিৱৰ্তনৰ বাবে কৰা আন্দোলনে মৌলিক ...

October 20, 2026 4:27 PM

views 6

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসকললৈ প্রধানমন্ত্ৰী মোদীৰ সংঘৰ ১০১ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসকললৈ সংঘৰ ১০১ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে আৰ এছ এছ এ দেশৰ প্ৰতি সেৱা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু সামাজিক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টিৰ যাত্ৰাত ১০০ বছৰ অতিক্ৰম কৰিলে। তেওঁ কয়, যে সংগঠনটোৰ কৰ্মীসকলে গভীৰ কৰ্তব্যবোধ আৰু ৰাষ্ট্ৰ প্ৰথম এই মনোভাবেৰে সমাজৰ বাবে কাম কৰি আছে। প্রধানমন্ত্রী শ্রী মোদীয়ে আশা প্রকাশ কৰে যে সংঘৰ কৰ্মীসকলৰ এই মনোভাবে আগন্তুক দিনসমূহতো ৰাষ্ট্ৰী...

October 19, 2026 5:44 PM

views 8

এছিয়ান পেৰা গেম্‌ছত ভাৰতৰ মোনা আগৰৱালৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল SH-1 শিতানত সোণৰ পদক জয়েৰে অভিলেখ

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেম্‌ছত ভাৰতৰ মোনা আগৰৱালে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল SH-1 শিতানত সোণৰ পদক জয়েৰে অভিলেখ গঢ়িছে। একেটা শিতানতে অৱনী লেখাৰাই ৰূপৰ পদক জয় কৰিছে। ইপিনে মহিলাৰ জুডোৰ ৫২ কিলোগ্রাম শাখাৰ J-2 শিতানৰ ছেমি ফাইনেলত ভাৰতৰ কোকিলাই পদক নিশ্চিত কৰিছে। কোকিলাই চীনৰ য়ি লিউক ১-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত কিগিস্তানৰ এবিকে ওলানবেক কিজীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত কোকিলাই ৪৮ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ...