July 11, 2026 7:51 PM

views 9

ডিব্ৰুগড়ত গ্রীষ্মকালীন প্রশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মন্ত্রী বিমল বৰাৰ মত-বিনিময়

মন্ত্রী বিমল বৰাই আজি ডিব্ৰুগড় জিলাত অনুষ্ঠিত গ্রীষ্মকালীন প্রশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে। এই কৰ্মশালাত শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ, বিশ্বব্যাপী সুযোগ আৰু যোগাযোগ দক্ষতাৰ গুৰুত্ব সম্পর্কে অভিজ্ঞ ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়। এনেধৰণৰ বাস্তবমুখী অভিজ্ঞতাই শিক্ষাৰ্থীসকলক বিশ্বমানৰ দক্ষতা, আত্মবিশ্বাস, যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ বাবে নিজকে সাজু কৰাত সহায় কৰিব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে।

July 11, 2026 7:20 PM

views 11

কলিয়াবৰৰ শিলঘাটত থকা অসম-সমবায় মৰাপাট কলত অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ’বঃ কেশৱ মহন্ত

কলিয়াবৰৰ শিলঘাটত থকা অসম-সমবায় মৰাপাট কলত অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ’ব বুলি কলটোৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মৰাপাটৰ আমদানিৰ অভাৱত কলটোৰ কাম-কাজ সাময়িকভাৱে বন্ধ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে, অসম সমবায় মৰাপাট কলত সংঘটিত দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈক ৰাজ্য চৰকাৰে সাময়িকভাৱে পদবীৰ পৰা নিলম্বন কৰিছে বুলিও শ্ৰী মহন্তই লগতে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে শ্ৰী গগৈৰ কাৰ্যকালত কলটো...

July 11, 2026 7:17 PM

views 9

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱন শৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কালিৰেপৰা হাফলং হ্ৰদৰ সমীপত ডিমাহাচাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। মহোৎসৱত বিভিন...

July 11, 2026 7:02 PM

views 26

গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল-সলনি কৰা হ'ব। ড° শৰ্মাই কয়, যে এই সমন্বয়ক্ষেত্ৰত অগমেণ্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰা হ'ব। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ...

July 11, 2026 6:58 PM

views 11

ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত-বিনিময়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। শ্ৰী সোণোৱালে এই মহা অভিযানৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনী মুকলি কৰে। তেওঁ কয়, যে ভাৰতীয় জনতা পাৰ্টীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনক সাৰোগত কৰি জনমুখী ৰাজনীতিৰ ধাৰা আগুৱাই লৈ গৈছে। এনে প্রশিক্ষণ কাৰ্যসূচীত দলীয় কৰ্মকৰ্তাসকলক সেৱা আৰু সমৰ্পণৰ প্ৰতি অধিক দায়ৱদ্ধ কৰি তোলাত সহায় কৰিব বুল...

July 11, 2026 6:50 PM

views 9

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখাৰ প্ৰয়োজনীয়তাক মূলমন্ত্ৰ হিচাপে লৈ দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা FRU ত জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞাই এই দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ৩ গৰাকী আশাকর্মীক সম্বৰ্ধনা জনোৱা হয়। অহা ১৮ জুলাই লৈকে ...

July 11, 2026 6:51 PM

views 8

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সু-সংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা...

July 11, 2026 6:51 PM

views 7

আজি সন্ধিয়া ৭ বজাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি চাউথামটনৰ ইউটিলিটা বাওলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে তিনিখন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে।

July 10, 2026 8:15 PM

views 12

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্রতিনিধিত্ব ক ৰিব। এই বাজেট ত বিজেপিৰনিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবপৰাকৈবিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। বিজেপি মিত্ৰজোটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতিতথা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰে। বাজেটখনে সৰ্বস্তৰৰ লোককে সাঙুৰি লৈছে বুলি তেওঁ কয়। ...

July 10, 2026 8:09 PM

views 8

আয়ুষমান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাই মুঠ ১,৯৪৯ বিধ ৰোগৰ চিকিৎসা সামৰি লয়

আয়ুষমান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাই মুঠ ১,৯৪৯ বিধ ৰোগৰ চিকিৎসা সামৰি লয়। বিধানসভাত বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহলে এই কথা উল্লেখ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰত ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা লাভ কৰে। চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে তালিকাভুক্ত চিকিৎসালয়ত এই সেৱা উপলব্ধ হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত ১,৯৪৯ বিধ আৰু ব্যক্তিগত...