গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে ২০৪ বছৰৰ পাছত বঙাইগাঁও জিলাত আৰ্ডিছিয়া ক’ল’ৰাটা নামৰ এবিধ বিৰল প্ৰজাতিৰ গুল্মজাতীয় উদ্ভিদ পুনৰ আৱিষ্কাৰ কৰিছে। অভয়াপুৰী অঞ্চলত কৰা এই আৱিষ্কাৰৰ ফলত ২০০ বছৰৰো অধিক সময়ৰ পাছত দেশত এই প্রজাতিবিধৰ উপস্থিতি নিশ্চিত হৈছে।
২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সমগ্ৰ অসমত কৰা জৰীপৰ সময়ত এই প্রজাতিবিধৰ আৱিষ্কাৰ হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক মানস বৰুৱা আৰু নীলাক্ষী দেৱীয়ে উদ্ভিদবিধৰ ফুল, পাত আৰু ঐতিহাসিক বিৱৰণ ভালদৰে পৰীক্ষা কৰি ইয়াক ঘনিষ্ঠ সম্পৰ্কীয় প্ৰজাতিৰ পৰা পৃথক কৰি উলিয়াইছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ১৮২১ চনত বৃটিছ উদ্যাম শস্যবিদ জর্জ ল’ডিছেজে প্রথম উল্লেখ কৰা আৰ্ডিছিয়া ক’ল’ৰাটা উদ্ভিদ বিজ্ঞানৰ ইতিহাসৰ পৰা প্ৰাশ নোহোৱা হৈ গৈছিল।
গৱেষকসকলে অভয়াপুৰীৰ স্থানীয় অঞ্চলত ১২ জোপা এনে উদ্ভিদৰ তথ্য উদ্ধাৰ কৰি ইয়াৰ পুনৰ আৱিষ্কাৰৰ বৈজ্ঞানিক তাৎপৰ্য্য আৰু ইয়াৰ প্ৰাকৃতিক স্থান সুৰক্ষিত কৰাৰ গুৰুত্বৰ বিষয়ে উদ্ভাষিত কৰিছে। এই জোপোহা উদ্ভিদবিধ ছায়াময়, আৰ্দ্ৰ অৰণ্যৰ পৰিৱেশত গজে আৰু ইয়াৰ ফুলৰ ৰং গোলাপী, ৰঙা বা বেঙুনীয়া ৰঙৰ৷