October 20, 2026 6:53 PM
6
বঙাইগাঁও জিলাত আৰ্ডিছিয়া ক’ল’ৰাটা নামৰ এবিধ বিৰল প্ৰজাতিৰ গুল্মজাতীয় উদ্ভিদ পুনৰ আৱিষ্কাৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে ২০৪ বছৰৰ পাছত বঙাইগাঁও জিলাত আৰ্ডিছিয়া ক’ল’ৰাটা নামৰ এবিধ বিৰল প্ৰজাতিৰ গুল্মজাতীয় উদ্ভিদ পুনৰ আৱিষ্কাৰ কৰিছে। অভয়াপুৰী অঞ্চলত কৰা এই আৱিষ্কাৰৰ ফলত ২০০ বছৰৰো অধিক সময়ৰ পাছত দেশত এই প্রজাতিবিধৰ উপস্থিতি নিশ্চিত হৈছে। ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সমগ্ৰ অসমত কৰা জৰীপৰ সময়ত এই প্রজাতিবিধৰ আৱিষ্কাৰ হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক মানস বৰু...