July 10, 2026 8:05 PM

views 10

মাস্কাত ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ বিন হামাদ আল বুছৈদিক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি মাস্কাত ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ বিন হামাদ আল বুছৈদিক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে এই আলোচনাত বাণিজ্য, বিনিয়োগ, সংযোগ, সামুদ্রিক, প্রযুক্তি, প্ৰতিৰক্ষা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। উপসাগৰীয় অঞ্চলৰ উন্নয়ন, আৰু অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ ওপৰতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে। এই আলোচনাসমূহে ভাৰত আৰু ওমানৰ মাজত কৌশলগত অংশীদাৰিত্বৰ আস্থা...

July 10, 2026 7:42 PM

views 9

আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পর্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে.পি নাড্ডাৰ সভাপতিত্ব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগৎ প্রসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পর্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত উল্লেখ কৰা হয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান বিশ্বৰ অন্যতম বৃহৎ ডিজিটেল স্বাস্থ্য ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ অধীনত প্রায় ৯৪ কোটি আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট খোলা হৈছে আৰু ১০৫ কোটি স্বাস্থ্য নথি সংযুক্ত কৰা হৈছে। ৫ লক্ষাধিক স্বাস্থ্য প্রতিষ্ঠান ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পঞ্জীয়নত অন্তৰ্ভুক্ত হৈছে বুলিও আজিৰ বৈঠক...

July 10, 2026 7:42 PM

views 8

ছত্তিশগড়ৰ বালোড জিলাই যোৱা বছৰত বৰষুণৰ পানী সংগ্ৰহৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২লাখ ৮৫হাজাৰ জল সংৰক্ষণৰ প্ৰকল্প নিৰ্মাণ কৰিছে

জল শক্তি মন্ত্রালয়ে জনাইছে যে ছত্তিশগড়ৰ বালোড জিলাই যোৱা বছৰত বৰষুণৰ পানী সংগ্ৰহৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২লাখ ৮৫হাজাৰ জল সংৰক্ষণৰ প্ৰকল্প নিৰ্মাণ কৰিছে। মন্ত্ৰালয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ১৩৫ সংখ্যক খণ্ডত বৰষুণৰ পানী ধৰি ৰাখিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বালোড জিলাই দ্বিতীয় পৰ্যায়ৰ জল সঞ্চয় জন ভাগিদাৰি অভিযানৰ অধীনত পানী সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গাওঁ পঞ্চায়ত, স্থানীয় সংস্থা আৰু জিলা প্ৰশাসনৰ সহযোগিতাৰে জিলাখনত বৰষুণৰ পানী সংগ্ৰহৰ বিভিন্ন ব্...

July 10, 2026 7:43 PM

views 5

ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ পর্যালোচনা বৈঠক

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীগোৱেলে কয়, যে এই আলোচনাত বিভাগসমূহৰ মাজত সমন্বয় অধিক শক্তিশালী কৰা, প্রতিষ্ঠানসমূহৰ সক্ষমতা বৃদ্ধি কৰা আৰু উৎপাদনশীলতা তথা সেৱা প্ৰদান মান উন্নত কৰিবলৈ আধুনিক পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সুশৃংখলিত, দক্ষ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়ত...

July 10, 2026 7:24 PM

views 11

মেলৱৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি মেলৱৰ্ণত দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ এই বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বিষয়টোৰ প্ৰতি দেশখনৰ উভয় দলৰ সমৰ্থন নিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ মাজৰ...

July 10, 2026 7:13 PM

views 10

ভাৰত আৰু নিউজিলেণ্ডে চলিত বৰ্ষত দেশ দুখনৰ মাজৰ ক্ৰীড়া ক্ষেত্ৰৰ সম্পৰ্কৰ শতবৰ্ষ পূর্তি উদযাপন কৰিছে

ভাৰত আৰু নিউজিলেণ্ডে চলিত বৰ্ষত দেশ দুখনৰ মাজৰ ক্ৰীড়া ক্ষেত্ৰৰ সম্পৰ্কৰ শতবৰ্ষ পূর্তি উদযাপন কৰিছে। ১৯২৬ চনত হকীৰ জৰিয়তে এই সম্পৰ্ক আৰম্ভ হোৱাৰ পাছত এইবিধ খেলেই বৰ্তমানলৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কক অধিক ঘনিষ্ঠ কৰি তুলিছে। উল্লেখযোগ্য যে ১৯২৬ চনত ভাৰতীয় সেনাৰ হকী দলটো নিউজিলেণ্ড ভ্ৰমণলৈ গৈছিল। সেইটোৱেই আছিল দেশখনলৈ যোৱা ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল। ভাৰতীয় ক্রীড়া জগতৰ কিংবদন্তি পুৰুষ মেজৰ ধ্যানচান্দে অংশগ্ৰহণ কৰা এই ঐতিহাসিক দলটোৱে দেশৰ হকীৰ ইতিহাসত অন্যতম স্মৰণীয় অধ্যায়ৰ সূচনা কৰে। আকাশবাণীৰ ...

July 10, 2026 6:55 PM

views 13

প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিদি দলৰ

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিদি দলে শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব নিষ্ঠা তিৱাৰীৰ। নেতৃত্বত অহা ছজনীয়া আন্তঃ মন্ত্ৰালয় কেন্দ্রীয় দলে কালি অৰুণাচলৰ পূব চিয়াং জিলাৰ বিলাত চাৰ্কোল আৰু লোৱাৰ চিয়াং জিলাৰ কোৰা চাৰ্কোলৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান আৰু খহনীয়াৰ ব্যাপক ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ ...

July 10, 2026 6:53 PM

views 17

বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ

বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাব সন্মুখত ৰাখি সদনত এই বাজেট উপস্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে এই বাজেটে অহা পাঁচ বছৰৰ বাবে স্পষ্ট আৰু সূদূৰ প্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। এই বাজেটত ১৮ খন ধবজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্রদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থা...

July 10, 2026 6:49 PM

views 7

ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত ২ লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি ক্ষতিগ্ৰস্ত

ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত দুই লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় ১০০ খন গাঁও সম্পূৰ্ণৰূপে আৰু ২৩০ খন গাঁও আংশিকভাৱে নদীত যাহ গৈছে। তদুপৰি প্ৰায় ৩৯ হাজাৰ লোকক খহনীয়াৰ বাবে স্থানান্...

July 10, 2026 7:14 PM

views 9

২০২৬-২৭ বিত্তীয় বৰ্ষত ১.৫৬ লাখ কোটি টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে বিধানসভাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন

২০২৬-২৭ বিত্তীয় বৰ্ষত এক কোটি ৫৬ লাখ টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশৰ ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২০২৬–২৭ বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত ১ লাখ ১৮ হাজাৰ ৫৬২.২৩ কোটি টকা মুলধনী শিতানত ৩৮ হাজাৰ ১৫২.৬৫ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছ...