July 10, 2026 6:19 PM

views 14

স্পেইন আজি নিশা ১২.৩০ বজাত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

স্পেইন আজি নিশা ১২.৩০ বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্রান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই ৩০ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত ২০টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্রা...

July 10, 2026 7:45 PM

views 9

নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছেঃ প্ৰহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। শ্ৰীযোশীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা ৬ জুলাইত নবীকৰণযোগ্য উৎসৰ জৰিয়তে ৫০ দশমিক ২ শতাংশ বিদ্যুৎ যোগান ধৰা হয়। মন্ত্ৰীগৰাকীয়ে এই সাফল্যক নিকা শক্তি খণ্ডৰ বৰ্ধিত সামর্থ্যৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশপ্ৰাকৃতিক সম্পদৰ ক্ষতি নকৰাকৈ অৰ্থনৈতিক কাম-কাজ সম্প্ৰসাৰণৰ দিশে দ্রুত আৰু দৃ...

July 10, 2026 7:03 PM

views 7

প্রধানমন্ত্ৰী মোদীয়ে ৩ খন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্ট’ফাৰ লাকছনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত দুয়োগৰাকী নেতাই বিশেষকৈ শেহতীয়া দুবছৰত বাণিজ্য আৰু প্ৰতিৰক্ষা খণ্ডত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই লাভ কৰা অগ্ৰগতিৰ সামগ্রিক বিষয়টো পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে এয়া হ’ব বিগত দুকুৰি বছৰৰ ভিতৰত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্রমণ। এই ...

July 8, 2026 2:20 PM

views 15

প্রধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাব’ৰ’ ছুবিয়াণ্টৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰস্থানন মন্দিৰ দৰ্শন কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাব’ৰ’ ছুবিয়াণ্টৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰস্থানন মন্দিৰ দৰ্শন কৰে। মন্দিৰ চৌহদত প্রধানমন্ত্ৰীগৰাকীক দেশখনৰ থলুৱা সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনোৱা হয়। দুয়োদেশৰ নেতা দুগৰাকীয়ে নৱম শতিকাত নিৰ্মিত এই প্রাচীন মন্দিৰটো দৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তাত থকা শিৱ মন্দিৰত পূজা-অৰ্চনা কৰে। দুয়োগৰাকী নেতাই মন্দিৰত খোদিত আটকধুনীয়া নক্সা আৰু কলাকৃতিসমূহো প্ৰত্যক্ষ কৰে। এটা যুটীয়া বিবৃতিত ৰাষ্ট্ৰপতি...

July 8, 2026 2:16 PM

views 13

দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে HANDLOOM-HACKATHON-2026 আৰম্ভ

দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে প্রযুক্তি, শৈলী, উদ্যমিতা আৰু বহনক্ষম সমাধান কৌশল ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰত্যাহ্বান HANDLOOM-HACKATHON -2026 আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, ২০২৬ উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াত পঞ্জীয়নৰ বাবে ২০ জুলাই পর্যন্ত অনলাইন ব্যৱস্থা মুকলি থাকিব। ছাত্ৰ-ছাত্ৰী, উদ্ভাৱক, ষ্টার্টআপ গোট, গৱেষক, আৰ্হি প্রস্তুত কৰোতা, উদ্যমী আৰু হস্ততাঁত শিল্পীসকলে www.youthideathon.in/handloom ৱেবছাইটত পঞ্জীয়ন কৰি নিজৰ নতুন ধাৰ...

July 8, 2026 2:16 PM

views 13

ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্রয়োদশ এছিয়ান-ভাৰত বাণিজ্য অর্থাৎ এ আই টি আই জি এ-ৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন

ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্রয়োদশ এছিয়ান-ভাৰত বাণিজ্য অর্থাৎ এ আই টি আই জি এ-ৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকতে এছিয়ান-ভাৰত বাণিজ্য চুক্তিৰ পৰ্যালোচনা কৰা হ'ব। যুটীয়া সমিতিৰ বৈঠক আৰু আনুষংগিক বৈঠকসমূহ পৰহিলৈ সামৰণি পৰিব। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই যুটীয়া সমিতিয়ে উপ-সমিতিসমূহক নিজ নিজ ক্ষেত্ৰত কাম কৰিবলৈ কৌশলগত নিৰ্দেশনা প্ৰদান কৰাৰ লগতে এ আই টি আই জি এ-ৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহ চূড়ান্ত কৰিব। মন্ত্ৰালয়ে লগতে জনোৱা...

July 8, 2026 1:59 PM

views 18

“১০ জুলাইত বিধানসভাত উত্থাপন হ’বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব”- বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা

অহা ১০ জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে ৷ ইপিনে, ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ...

July 8, 2026 1:35 PM

views 14

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে। ৭৮ মিনিটলৈকে আর্জেণ্টিনাই দুটা গ'ল পিছ পৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ ৭৯ মিনিটত প্ৰথমটো গ'ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰ...

July 7, 2026 8:25 PM

views 10

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিক কপাহ উৎপাদনশীলতা অভিযানৰ বিষয়ে অৱগত কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ দিশত মন্ত্ৰালয়ে গ্রহণ কৰা সামগ্রিক দৃষ্টিভংগীৰ শলাগ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত উপ- ৰাষ্ট্ৰপতিয়ে উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ সময়সীমাবদ্ধ অনুমোদন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত...

July 7, 2026 8:20 PM

views 9

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে সুস্থ, সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্র-ছাত্রী একেলগে ওলাই অহা কার্য অতি প্রশংসনীয়। তেওঁ সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহক মাদক দ্ৰৱ্য সেৱনৰ পৰা আঁতৰি থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণণে লগতে দেশৰ...