July 4, 2026 6:45 PM

views 7

স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন

পৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে স্বামী বিবেকানন্দ এগৰাকী মহান দেশপ্রেমী, দার্শনিক আৰু আধ্যাত্মিক দৰ্শনেৰে পূৰ্ণ ব্যক্তি আছিল। তেওঁ কয়, যে স্বামী বিবেকানন্দই ভাৰতৰ সভ্যতাগত চেতনাক পুনৰ জগাই তুলিছিল আৰু ভাৰতৰ শ্বাশ্বত জ্ঞানক বিশ্বৰ আগত চিনাকী কৰাই দিছিল । শ্ৰীৰাধাকৃষ্ণণে লগতে স্বামী বিবেকানন্দৰ আদৰ্শই সকলোকে সমৰ্পণৰ মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ আৰ...

July 4, 2026 6:42 PM

views 6

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিম’ৰিক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিম’ৰিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ভাৰতে পেৰুৰ সৈতে থকা গভীৰ সম্পৰ্কক মূল্য দি অহাৰ লগতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ। প্রধানমন্ত্রী শ্রী মোদীয়ে শ্রীমতী ফুজিম’ ৰিয়ে তেওঁৰ কাৰ্যকাল সফলতাৰে সম্পন্ন কৰাৰ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত আৰু পেৰুৰ মাজৰ ভৱিষ্যৎ সম্পৰ্ক আগবঢ়াই নিবলৈ একেলগে কাম...

July 4, 2026 6:40 PM

views 6

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞতা প্ৰকাশ

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভেনিজুৱেলাত সংঘটিত প্রবল ভূমিকম্পৰ সময়ত ভাৰতে দেশখনলৈ আগবঢ়োৱা সমৰ্থন আৰু সাহায্যৰ বাবে দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই কৃতজ্ঞতা প্রকাশ কৰিছে। মন্ত্রী শ্রী গীলে আজি ভূমিকম্পৰ সময়ত আহত হোৱা লোকসকলৰ চিকিৎ‍সাৰ বাবে এমিষ্টেড অভিযানৰ অধীনত স্থাপন কৰা ভাৰতীয় সেনাৰ ক্ষেত্ৰ চিকিৎসালয় পৰিদৰ্শন কৰে। এই হাস্পতালৰ জৰিয়তে ভূমিকম্পত আহত হোৱা ভেনিজুৱেলাৰ নাগৰিকসকলক সকলো সময়তে বিনামূলীয...

July 2, 2026 8:27 PM

views 11

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছেঃ প্ৰধানমন্ত্ৰী

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-জাপান যুটীয়া অর্থনৈতিক মঞ্চত ভাষণ দি শ্রী মোদীয়ে কয়, যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হ'লে সমগ্র বিশ্বই ইয়াৰ পৰা উপকৃত হয়। তেওঁ কয়, যে দুয়ো পক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে অর্থনৈতিক সু...

July 2, 2026 8:27 PM

views 4

বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠিঃ পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠি। ইয়াৰ ফলত দ্বিপাক্ষিক চুক্তি অধিক শক্তিশালী হৈ উঠাৰ আশা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এটা ব্যক্তিগত টেলিভিছন চেনেলে আয়োজন কৰা এছিয়াৰ শতিকাক বিশেষ ৰূপ দিয়াত ভাৰত-জাপানৰ কৌশলগত আলোচনাৰ গুৰুত্ব শীর্ষক এটা অনুষ্ঠানত অংশ লৈ শ্ৰী গোৱেলে কয়, যে ভাৰতৰ দক্ষ কৰ্মীসকলৰ বাবে ইয়াৰ জৰিয়তে বিভিন্ন সা-সুবিধাৰ বাট মুকলি হ'ব। আনহাতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৰে...

July 2, 2026 8:08 PM

views 8

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৬ বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৬ বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। ৫ৰ পৰা ১৮ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীয়ে দেখুওৱা অসাধাৰণ কৃতিত্বক স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হয়। আবেদনসমূহ দাখিল কৰাৰ অন্তিম দিন অহা ৩১ জুলাই। awards.gov.in অনলাইন প'ৰ্টেল যোগেও আবেদনসমূহ দাখিল কৰিব পাৰিব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। এই বঁটাৰ বাবে উপযোগী হিচাপে বিবেচিত প্ৰাৰ্থীসকলৰ নাম যিকোনো ভাৰতীয় নাগৰিক, বিদ্যালয় নাইবা অনুষ্ঠান-প্ৰতিষ্ঠানে বাচনি কৰি দাখিল কৰিব পাৰিব। তদ...

July 2, 2026 8:02 PM

views 9

চলিত বৰ্ষত ৰে’ল যোগে সামগ্ৰী পৰিবহনৰ হাৰ ৪শতাংশ বৃদ্ধি হৈছে

চলিত বৰ্ষত ৰে’ল যোগে সামগ্ৰী পৰিবহনৰ হাৰ ৪শতাংশ বৃদ্ধি হৈছে। বিগত বৰ্ষৰ জুন মাহৰ তুলনাত চলিত বছৰৰ একে সময়ছোৱাত এই বৃদ্ধি পঞ্জীভুক্ত হৈছে বুলি ভাৰতীয় ৰে'ল বিভাগে প্ৰকাশ কৰিছে। যোৱা মাহত ৰে'ল যোগে ১৪ কোটি ২০ লাখ টন সামগ্ৰী পৰিবহন হৈছে বুলি ৰে'ল মন্ত্ৰ্যালয়ে অৱগত কৰে। চলিত বৰ্ষৰ জুনত ৰে'ল যোগে ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যাও চকুত লগাকৈ বৃদ্ধি হৈছে বুলি মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰিছে। ৬৩ কোটি ৮১ লাখ যাত্ৰীয়ে যোৱা মাহত ৰে'ল যোগে ভ্ৰমণ কৰিছে বুলি প্ৰকাশ কৰি এই সংখ্যা বিগত বৰ্ষৰ জুনতকৈ অধিক বুলিও মন্ত্ৰ...

July 2, 2026 8:03 PM

views 8

অযোধ্যা উন্নয়ন কর্তৃপক্ষই ৰাম মন্দিৰৰ দান-বৰঙণি আত্মসাৎ গোচৰৰ অন্যতম অভিযুক্ত লবকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত জাননী জাৰি কৰিছে

অযোধ্যা উন্নয়ন কর্তৃপক্ষই ৰাম মন্দিৰৰ দান-বৰঙণি আত্মসাৎ গোচৰৰ অন্যতম অভিযুক্ত লবকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত এখন জাননী জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগক অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ সম্পাদকে জনোৱা অনুসৰি ভৱন নিৰ্মাণৰ নীতি-নিয়ম উলংঘাৰ সন্দেহত এই জাননী জাৰি কৰা হৈছে। এই সম্পত্তি তেওঁ পত্নী সুপ্রিয়া মিশ্ৰৰ নামত পঞ্জীয়ন কৰা হৈছে। সম্পাদকগৰাকীয়ে জনোৱা মতে কৰ্তৃপক্ষই এসপ্তাহৰ ভিতৰত এই জাননীৰ সঁহাৰি জনাবলৈ মালিক পক্ষক নিৰ্দেশ দিছে।

July 2, 2026 7:56 PM

views 9

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিম বংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিক বলন কার্যসূচী উদ্বোধন কৰিব

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিম বংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিক বলন কার্যসূচী উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নৱনিৰ্বাচিত সদস্যসকলক সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী, সংসদীয় বিশেষাধিকাৰ আৰু বিধায়িনী দলত উদীয়মান ডিজিটেল পদক্ষেপকে ধৰি সংসদীয় আৰু বিধানসভাৰ কাৰ্য্যকলাপৰ বিভিন্ন দিশৰ সৈতে পৰিচয় কৰোৱা। লোকসভা সচিবালয়ে কয় যে এই অনুষ্ঠানৰ জৰিয়তে বিধায়ক, নির্বাচনী বিষয়া আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত মত বিনিময় আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবেও এক মঞ্চ ...

July 2, 2026 7:53 PM

views 9

অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল’বলগীয়া সাফল্য অৰ্জন

অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল’বলগীয়া সাফল্য অৰ্জন কৰিছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণে শোণিতপুৰ জিলাৰ বৰজুলি এলেকাক জৈৱ বৈচিত্র্য ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্রাকৃতিকভাৱে উৎপন্ন এলকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশ...