October 13, 2026 2:46 PM

views 18

কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছেঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছে। নতুন দিল্লীত অনুষ্ঠিত ব্লুমবার্গ নিউ ইকনমি ফ'ৰামত ভাষণ দি মোদীয়ে কয় যে ভাৰতৰ অগ্ৰগতি সমগ্ৰিক বিকাশ আৰু ভাগ-বতৰা কৰা সুযোগৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কয়, ক্ষমতা কেৱল আগবাঢ়ি যোৱাৰ সামৰ্থই নহয়, ই আনক শক্তিশালী কৰাৰো সামৰ্থ্য আছে। তেওঁ কয় যে বর্তমান যুগত ডিজিটেল শক্তি এই ৰূপান্তৰৰ অন্যতম মূল চালিকা হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াত উল্লেখযোগ্য ভূমিকা পালন...

October 13, 2026 2:45 PM

views 17

বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আহ্বান

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ বেংক বিষয়াৰ তৃতীয় অভিৱৰ্তনত দিয়া ভাষণত শ্রীসিন্ধিয়াই কয় যে দেশৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ উত্তৰ- পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে অঞ্চলটোৰ স্থানীয় লোকসকলৰ হিতৰ বাবে সেৱা আগবঢ়াবলৈ তেওঁ বেংকসমূহক আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ...

October 13, 2026 2:42 PM

views 86

অসম চৰকাৰৰ উজনি অসমৰ ৩খন জিলাৰ বান ক্ষতিগ্ৰস্ত ৫৭ হাজাৰ পৰিয়ালক ক্ষতিপূৰ্ণ আদায় দিয়াৰ বাবে জৰীপ সম্পন্ন

অসম চৰকাৰে উজনি অসমৰ তিনিখন জিলাৰ বান ক্ষতিগ্ৰস্ত ৫৭ হাজাৰ পৰিয়ালক ক্ষতিপূৰ্ণ আদায় দিয়াৰ বাবে জৰীপ সম্পন্ন কৰিছে। এই পৰিয়ালসমূহক ১,১০০ কোটি টকাৰ বান সাহাৰ্য প্ৰদানৰ বাবে তিনিটা পৰ্যায়ত জৰীপ সম্পূৰ্ণ কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে অতি সোনকালে ৰাজ্য চৰকাৰে বান ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰৰ পৰা সাহায্য বিচাৰি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বান ক্ষতিগ্রস্ত লোকসকলক লৈ ৰাইজৰ দলৰ বিধায়ক অখিল...

October 13, 2026 2:40 PM

views 13

যন্তৰ মন্তৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ বাবে ককৰোছ জনতা পাৰ্টী, চি জে পিৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক

দিল্লী আৰক্ষীয়ে আজি যন্তৰ মন্তৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ বাবে ককৰোছ জনতা পাৰ্টী, চি জে পিৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক কৰে। আৰক্ষীয়ে কালি প্রতিবাদস্থলী হিচাপে যন্তৰ মন্তৰক ব্যৱহাৰত বাধা আৰোপ কৰিছিল। ইয়াৰ বিপৰীতে ৰামলীলা ময়দান, বুৰাৰি ময়দান আৰু চি বি ডি খেলপথাৰক নতুন প্ৰতিবাদস্থলী হিচাপে চিহ্নিত কৰিছে।

October 13, 2026 2:37 PM

views 15

শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হৈছে

শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হৈছে। সাহস, মানসিক শক্তি, শান্তি আৰু ৰূপ-লাৱন্যৰ অধিষ্ঠাত্ৰী দেৱী চন্দ্ৰঘণ্টাৰ পূজা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্রাচীন দৌল-দেৱালয়সমূহত যথাবিহিত ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ তৃতীয় দিনা জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে সাহস, শান্তি আৰু স্বৰ্গীয় শক্তিৰ প্ৰতীক দেৱী চন্দ্ৰঘণ্টাৰ পূজা উপলক্ষে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰিব বুলি আশা...

October 13, 2026 2:32 PM

views 17

দুদিনীয়া ভ্রমণসূচীলৈ আজি নতুন দিল্লীলৈ আহিব কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ দুদিনীয়া ভ্রমণসূচীলৈ আজি নতুন দিল্লীলৈ আহিব। এই ভ্রমণকালত তেঁও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লগতে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীক সাক্ষাৎ কৰিব। ভাৰতত নিয়োজিত কানাডাৰ উচ্চায়ুক্ত খ্রিষ্টফাৰ কুটাৰে কয়, যে কানাডাই ভাৰতৰ সৈতে প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিৰ লগতে বিনিয়োগ বৃদ্ধি আৰু দুয়োদেশৰ জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধিৰ বিষয়টোত গুৰুত্ব দিব। তেওঁ কয়, যে দুয়োখন দেশৰ মাজত পর্যটনেও বিকাশৰ পথত গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে।

October 13, 2026 2:30 PM

views 15

নেপালত পুনৰ ভয়াবহ বানঃ ১০০ৰো অধিক বিদেশী ভ্ৰমণকাৰী বিভিন্ন স্থানত আবদ্ধ

পুনৰ ভয়াবহ বানৰ কবলত পৰা পাৰ্বত্য দেশ নেপালত এশৰো অধিক বিদেশী ভ্ৰমণকাৰী বিভিন্ন স্থানত আবদ্ধ হৈ আছে। প্রশাসনে ১২ গৰাকী বিদেশীকে ধৰি ৩২১ গৰাকী লোকক উদ্ধাৰ কৰিছে। কাঠমাণ্ডুৰ পৰা প্ৰায় এশ কিলোমিটাৰ পশ্চিমে গোর্খা জিলাত হোৱা ভয়ংকৰ ভূমিস্খলনত বোধি গণ্ডকি নদীৰ পানী আৱদ্ধ হৈ পৰাৰ পাছতে নামনি অঞ্চল বানৰ কবলত পৰে। দেশখনৰ সেনাবাহিনীয়ে প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান কাইলৈ অব্যাহত থাকিব।

October 12, 2026 9:33 PM

views 11

হিমাশ্ৰী বড়োৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চপাইদঙৰ বাসগৃহত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে। শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালৰ লগতে ৰাইজৰো সন্দেহ হৈছে সেয়েহে অসম আৰক্ষীৰ মহা পৰিদৰ্শকৰ নেতৃত্বত এটা দল তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে হিমাশ্ৰী বড়োৰ আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালটোক চৰকাৰে অৰ্থসাহায্য আগবঢ়াব বুলিও উল্লেখ...

October 12, 2026 6:31 PM

views 14

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত পুনৰ আক্ৰমণ

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কালি পুনৰ আক্ৰমণ হয়। অসামৰিক বিমান পৰিবহণৰ সাধাৰণ কৰ্তৃপক্ষ জি এ চি এই প্ৰকাশ কৰা মতে এই আক্ৰমণত আহত আৰু ক্ষতিগ্ৰস্তৰ মূল্যায়ন অব্যাহত আছে। বিমান বন্দৰটোত যোৱা শনিবাৰৰ আক্ৰমণৰ পাছতে কালি পুনৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে ১১ জন আহত হয়। ৰিয়াধত থকা ভাৰতীয় দূতাবাসে জনোৱা মতে যোৱা শনিবাৰৰ আক্ৰমণত মৃত্যু হোৱা ১৩ জন লোকৰ ভিতৰত এজন ভাৰতীয় লোকো আছে। এই প্ৰথমটো আক্ৰমণত ৩০৮ জন লোক আহত হৈছিল আৰু ইয়াৰ ভিতৰত ১০ জন ভাৰতীয় আছে। ৰিয়াধৰ ...

October 12, 2026 5:15 PM

views 11

দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা অব্যাহত

দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা চলি আছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰা হৈছে। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্রাচীন দৌল-দেৱালয়সমূহত যথাবিহিত ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে সংযম, ত্যাগ আৰু দৃঢ়তাৰ প্ৰতিভূ দেৱী ব্ৰহ্মচাৰিণীয়ে সকলোকে আত্মসংযম আৰু সাহস যোগাব...