ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কালি পুনৰ আক্ৰমণ হয়। অসামৰিক বিমান পৰিবহণৰ সাধাৰণ কৰ্তৃপক্ষ জি এ চি এই প্ৰকাশ কৰা মতে এই আক্ৰমণত আহত আৰু ক্ষতিগ্ৰস্তৰ মূল্যায়ন অব্যাহত আছে। বিমান বন্দৰটোত যোৱা শনিবাৰৰ আক্ৰমণৰ পাছতে কালি পুনৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে ১১ জন আহত হয়।
ৰিয়াধত থকা ভাৰতীয় দূতাবাসে জনোৱা মতে যোৱা শনিবাৰৰ আক্ৰমণত মৃত্যু হোৱা ১৩ জন লোকৰ ভিতৰত এজন ভাৰতীয় লোকো আছে। এই প্ৰথমটো আক্ৰমণত ৩০৮ জন লোক আহত হৈছিল আৰু ইয়াৰ ভিতৰত ১০ জন ভাৰতীয় আছে। ৰিয়াধৰ ভাৰতীয় দূতাবাসে নিহত ব্যক্তিগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কয়, যে মৃতদেহটো দেশলৈ ঘূৰাই পঠোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণকে ধৰি সকলো প্ৰকাৰৰ সহায়ৰ বাবে পৰিয়ালটোৰ সৈতে সংযোগত আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰতীয় লোকজনৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ড০ জয়শংকৰে কয় যে ৰিয়াধৰ বিমান বন্দৰৰ এই আক্ৰমণৰ পাছত ভাৰতীয় দূতাবাসে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূতাবাসে ছৌদি আৰৱত থকা সকলো ভাৰতীয়ক সতৰ্ক হৈ থাকিবলৈ আৰু পৰা পক্ষত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। তেওঁলোকক চৰকাৰী চেনেলৰ জৰিয়তে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলীসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে। দূতাবাসৰ কৰ্তৃপক্ষই আহত ভাৰতীয় লোক চিকিৎসাধীন হৈ থকা সকলো হাস্পতাল পৰিদৰ্শন কৰিছে।
ইপিনে য়েমেনৰ হুথী বিদ্ৰোহীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিমান কোম্পানী আৰু যাত্ৰীসকলক ছৌদি আৰৱৰ বিমান বন্দৰ তথা আকাশমার্গ ব্যৱহাৰ নকৰিবলৈ সতৰ্ক কৰি দিছে। বিদ্ৰোহী গোটটোৱে জনোৱা মতে তেওঁলোকে বেলিষ্টিক আৰু ক্রুজ ক্ষেপণাস্ত্ৰৰ লগতে ড্রোনেৰে বিমান বন্দৰটোত আক্ৰমণ চলায়। হুথীয়ে সকলো ছৌদি বিমান বন্দৰেই তেওঁলোকৰ সম্ভাৱ্য লক্ষ্য বুলি সতর্কবাণী দিছে। হুথী বিদ্রোহীয়ে প্রকাশ কৰা অনুসৰি য়েমেনৰ গৃহযুদ্ধত চৰকাৰী পক্ষক ছৌদি আৰৱে সমৰ্থন যোগোৱা আৰু ছানা বিমান বন্দৰত আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰ হিচাপে এই আক্রমণ চলাইছে।