October 12, 2026 6:31 PM
8
ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত পুনৰ আক্ৰমণ
ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কালি পুনৰ আক্ৰমণ হয়। অসামৰিক বিমান পৰিবহণৰ সাধাৰণ কৰ্তৃপক্ষ জি এ চি এই প্ৰকাশ কৰা মতে এই আক্ৰমণত আহত আৰু ক্ষতিগ্ৰস্তৰ মূল্যায়ন অব্যাহত আছে। বিমান বন্দৰটোত যোৱা শনিবাৰৰ আক্ৰমণৰ পাছতে কালি পুনৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে ১১ জন আহত হয়। ৰিয়াধত থকা ভাৰতীয় দূতাবাসে জনোৱা মতে যোৱা শনিবাৰৰ আক্ৰমণত মৃত্যু হোৱা ১৩ জন লোকৰ ভিতৰত এজন ভাৰতীয় লোকো আছে। এই প্ৰথমটো আক্ৰমণত ৩০৮ জন লোক আহত হৈছিল আৰু ইয়াৰ ভিতৰত ১০ জন ভাৰতীয় আছে। ৰিয়াধৰ ...