October 12, 2026 5:15 PM

views 10

নৌসেনাৰ জাহাজ তথা ছাবমেৰিন প্ৰতিৰোধী তৃতীয়খন অগভীৰ যুদ্ধ জাহাজ এ এছ ডব্লিউ-এছ ডব্লিউ চি শুভাৰম্ভ

নৌসেনাই আজি INS MANGROL নামৰ কোচিৰ কোচিন জাহাজ নির্মাণ কাৰখানাত নিৰ্মিত ছাবমেৰিন প্ৰতিৰোধী তৃতীয়খন অগভীৰ যুদ্ধ জাহাজ এ এছ ডব্লিউ-এছ ডব্লিউ চি, মুম্বাইৰ নৌসেনাৰ জাহাজ নিৰ্মাণাগাৰত ৰাষ্ট্ৰৰ সেৱাৰ বাবে ব্যৱহাৰৰ শুভাৰম্ভ কৰে। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই যুদ্ধ জাহাজখনে উপকূলীয় আৰু অগভীৰ সামুদ্রিক অঞ্চলত ছাবমেৰিণৰ প্ৰৱেশ ধৰা পেলোৱাৰ লগতে ইয়াক প্রতিহত কৰাৰ ক্ষেত্ৰত নৌসেনা বাহিনীৰ ক্ষমতা বৃদ্ধি কৰিব। আজি এই শুভাৰম্ভ অনুষ্ঠানত পশ্চিম নৌসেনা কামাণ্ডৰ ফ্লেগ অফিচাৰ, কামাণ্ডিং ইন চীফ, উপ-নৌসেনাধ্যক্ষ সঞ্...

October 12, 2026 4:56 PM

views 8

‘‘সাম্প্ৰতিক সময়ৰ আন্তঃসংযোজিত বিশ্বৰ প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কেৱল কূটনৈতিক বিকল্প নহয়’’- উপ-ৰাষ্ট্ৰপতি

সাম্প্ৰতিক সময়ৰ আন্তঃসংযোজিত বিশ্বৰ প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কেৱল কূটনৈতিক বিকল্প নহয়, বৰং শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে কৌশলগত প্ৰয়োজন বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ ৬৬ সংখ্যক পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত দিয়া ভাষণত শ্ৰী ৰাধাকৃষ্ণণে কয়, যে পাৰস্পৰিক বিনিময় আৰু এই বিনিময়ক সমন্বিত কাৰ্যপন্থালৈ ৰূপান্তৰ কৰাতেই গোলকীয় সহযোগিতাৰ তাৎপৰ্য লুকাই আছে। তেওঁ কয়, যে জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ দৰে ...

October 12, 2026 4:35 PM

views 12

উচ্চতম ন্যায়ালয়ৰ দুৱাৰ প্ৰতিগৰাকী লোকৰ বাবে খোলা আছেঃ মুখ্য ন্যায়াধীশ সূর্যকান্ত

দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে কয় যে উচ্চতম ন্যায়ালয়ৰ দুৱাৰ প্ৰতিগৰাকী লোকৰ বাবে খোলা আছে আৰু যিকোনো সাধাৰণ নাগৰিক অথবা কোনো নিৰ্বাচিত সংস্থাৰ সদস্যই দাখিল কৰা যিকোনো আবেদনেই আদৰণীয়। তেওঁ কয়, যে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ আদালতৰ কাষ চপাৰ অধিকাৰ আছে আৰু আদালতে তেওঁলোকৰ কথা শুনিব আৰু আইনৰ অধীনত দিব পৰা সকাহ প্ৰদান কৰিব। ন্যায়াধীশগৰাকীৰ সাক্ষাতৰ বাবে আই এন ডি আই এ ব্লকে জনোৱা দাবীৰ প্ৰতি সঁহাৰি জনাই ন্যায়াধীশ সূর্যকান্তে কয় যে তেওঁৰ সাক্ষাতৰ বাবে অনুৰোধ জনাই প্ৰেৰণ কৰা এখন পত্ৰ কালি লাভ ...

October 12, 2026 4:23 PM

views 10

সাংবিধানিক অধিকাৰ খৰ্ব হোৱা মাত্রেই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি মুখ্য ন্যায়াধীশ সূর্যকান্তৰ প্ৰকাশ

দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে যেতিয়াই সাংবিধানিক অধিকাৰ খৰ্ব হয় তেতিয়াই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সংবিধানে প্ৰতিগৰাকী নাগৰিকক মর্যাদা, সমতা, স্বাধীনতা আৰু ন্যায়কে ধৰি বহু প্ৰতিশ্ৰুতি দিছে। মানৱাধিকাৰ আয়োগে অভিযোগৰ তদন্ত কৰাৰ উপৰি ব্যৱস্থাৰ বিফলতা চিনাক্ত কৰিব লাগে বুলি তেওঁ লগতে উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে মানৱ অধিকাৰ মানৱ মৰ...

October 10, 2026 5:46 PM

views 8

আজি নিশা ৮ বাজি ২ মিনিটত বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। বিশিষ্ট পক্ষীবিদ আৰু বন্যপ্ৰাণী বিশেষজ্ঞ ড° নীলোৎপল মহন্তৰ সৈতে হোৱা এই সাক্ষাৎকাৰ গ্ৰহণ কৰিব ড° মনস্বিনী মহন্তই। শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে'চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব।

October 10, 2026 5:43 PM

views 23

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ’ব

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষার্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰ...

October 10, 2026 5:40 PM

views 12

ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটড'ৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কৰে। পেভিলিয়নটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই নতুন আন্তঃগাথনিয়ে ডিব্ৰুগড়ৰ ক্ৰীড়াক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লগতে উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে উন্নত পৰিবেশ প্ৰদান কৰিব। এই পেভিলিয়ন নিৰ্মাণৰ বাবে অইল ইণ্ডিয়া লিমিটেডে কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত ২৪ লাখ ৪৫ হাজাৰ টকা আগবঢ়াইছে। অনুষ্ঠানত বিধায়ক তথা অ...

October 10, 2026 5:38 PM

views 4

বালাকোট বিমান আক্ৰমণৰ সময়ত বায়ুসেনা লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰা এটা প্ৰৱন্ধ খণ্ডন চৰকাৰৰ

চৰকাৰে বালাকোট বিমান আক্ৰমণৰ সময়ত বায়ুসেনা লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰা এটা প্ৰৱন্ধ খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰ'ৰ তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰা মতে প্ৰৱন্ধটোত অভিযানৰ প্ৰকৃতি আৰু ৰূপায়ণৰ বিষয় দুটা ভুলকৈ দেখুওৱা হৈছে। প্ৰৱন্ধটোত তথ্য বিকৃত কৰি বিভ্ৰান্তিকৰ ব্যাখ্যা আগবঢ়োৱা হৈছে বুলিও তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰিছে। পৰীক্ষণ গোটে বালাকোটৰ বিমান আক্রমণক নির্দিষ্ট সন্ত্রাসবাদী ঘাটিক লক্ষ্য কৰি চলোৱা সু-পৰিকল্পিত অভিযান বুলিও অভিহিত কৰিছে। এই অভিযানত বায়ু সেনা বাহিনীৰ নিখুঁতভাৱে আক্র...

October 10, 2026 5:35 PM

views 8

সোমবাৰে আহমেদাবাদত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া প্ৰদৰ্শনী ২০২৬ উদ্বোধন কৰিব

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই অহা সোমবাৰে আহমেদাবাদত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া প্ৰদৰ্শনী ২০২৬ উদ্বোধন কৰিব। ভাৰতৰ ব্ৰীকচৰ অধ্যক্ষতাত গুজৰাট চৰকাৰৰ সহযোগত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই গেমছত ব্ৰীকচৰ সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহে নিজ নিজ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া পদ্ধতিসমূহ প্ৰদৰ্শন কৰিব। মন্ত্ৰালয়ে জনোৱা মতে, এই প্ৰদৰ্শনীয়ে ক্রীড়াৰ জৰিয়তে সাংস্কৃতিক বিনিময়, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজ...

October 10, 2026 5:28 PM

views 21

আজি মহালয়া

আজি মহালয়া। এই উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পার্বন আদি অনুষ্ঠিত হয়। আহিন মাহৰ অমাৱশ্যা তিথিত দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা আৰম্ভ হোৱা মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃ পক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুর্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীৰ ঘোঁৰাত আগমন হৈছে আৰু নৌকাত গমন কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। ...