চৰকাৰে বালাকোট বিমান আক্ৰমণৰ সময়ত বায়ুসেনা লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰা এটা প্ৰৱন্ধ খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰা মতে প্ৰৱন্ধটোত অভিযানৰ প্ৰকৃতি আৰু ৰূপায়ণৰ বিষয় দুটা ভুলকৈ দেখুওৱা হৈছে। প্ৰৱন্ধটোত তথ্য বিকৃত কৰি বিভ্ৰান্তিকৰ ব্যাখ্যা আগবঢ়োৱা হৈছে বুলিও তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰিছে।
পৰীক্ষণ গোটে বালাকোটৰ বিমান আক্রমণক নির্দিষ্ট সন্ত্রাসবাদী ঘাটিক লক্ষ্য কৰি চলোৱা সু-পৰিকল্পিত অভিযান বুলিও অভিহিত কৰিছে।
এই অভিযানত বায়ু সেনা বাহিনীৰ নিখুঁতভাৱে আক্রমণ চলোৱাৰ সামৰ্থ, অভিযানৰ প্ৰস্তুতি আৰু সন্ত্ৰাসবাদক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সংকল্প প্ৰতিফলিত হোৱা বুলি তথ্য পৰীক্ষণ গোটে দাবী কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰ’ই লগতে সংবাদ প্রতিষ্ঠানসমূহক সত্যা-সত্য নিৰূপণ কৰা তথ্যহে ব্যৱহাৰ কৰিবলৈ আৰু প্ৰতিৰক্ষা তথা সংবাদেনশীল অভিযানৰ বাতৰি প্ৰকাশ কৰোতে সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।