নৌসেনাই আজি INS MANGROL নামৰ কোচিৰ কোচিন জাহাজ নির্মাণ কাৰখানাত নিৰ্মিত ছাবমেৰিন প্ৰতিৰোধী তৃতীয়খন অগভীৰ যুদ্ধ জাহাজ এ এছ ডব্লিউ-এছ ডব্লিউ চি, মুম্বাইৰ নৌসেনাৰ জাহাজ নিৰ্মাণাগাৰত ৰাষ্ট্ৰৰ সেৱাৰ বাবে ব্যৱহাৰৰ শুভাৰম্ভ কৰে।
থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই যুদ্ধ জাহাজখনে উপকূলীয় আৰু অগভীৰ সামুদ্রিক অঞ্চলত ছাবমেৰিণৰ প্ৰৱেশ ধৰা পেলোৱাৰ লগতে ইয়াক প্রতিহত কৰাৰ ক্ষেত্ৰত নৌসেনা বাহিনীৰ ক্ষমতা বৃদ্ধি কৰিব। আজি এই শুভাৰম্ভ অনুষ্ঠানত পশ্চিম নৌসেনা কামাণ্ডৰ ফ্লেগ অফিচাৰ, কামাণ্ডিং ইন চীফ, উপ-নৌসেনাধ্যক্ষ সঞ্জয় বাৎসায়নে অধ্যক্ষতা কৰিব।
অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয়, যে এই জাহাজখন ৮০ শতাংশতকৈ অধিক থলুৱা সামগ্ৰী ব্যৱহাৰেৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা দেশৰ অভিযান্ত্রিক সামর্থ, প্রযুক্তিগত বিকাশ বৃদ্ধি কৰাৰ লগতে থলুৱা প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত দেশৰ সংকল্পবদ্ধতাকো প্ৰতিপন্ন কৰিব।
নৌসেনা বাহিনীৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয়, যে চলিত বছৰত ১০ খন জাহাজ কাৰ্যক্ষম কৰা হৈছে আৰু শীঘ্ৰেই আৰু ৮ খন জাহাজ কাৰ্যক্ষম কৰা হ’ব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয়, যে ২০৩৪ চনৰ ভিতৰত নৌসেনা বাহিনীত ব্যৱহৃত সকলো আহিলা ১০ বছৰৰ ভিতৰত সংযোজন কৰা হ’ব।