সোমবাৰে আহমেদাবাদত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া প্ৰদৰ্শনী ২০২৬ উদ্বোধন কৰিব

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই অহা সোমবাৰে আহমেদাবাদত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া প্ৰদৰ্শনী ২০২৬ উদ্বোধন কৰিব।

ভাৰতৰ ব্ৰীকচৰ অধ্যক্ষতাত গুজৰাট চৰকাৰৰ সহযোগত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই গেমছত ব্ৰীকচৰ সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহে নিজ নিজ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া পদ্ধতিসমূহ প্ৰদৰ্শন কৰিব।

মন্ত্ৰালয়ে জনোৱা মতে, এই প্ৰদৰ্শনীয়ে ক্রীড়াৰ জৰিয়তে সাংস্কৃতিক বিনিময়, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজৰ সহযোগিতাৰ প্ৰসাৰ কৰিব।

এই প্ৰদৰ্শনীৰ সুযোগতে অভ্যাগত প্ৰতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই বৈঠকসমূহৰ জৰিয়তে ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ মাজত ক্রীড়া সহযোগিতা বৃদ্ধি আৰু পৰম্পৰাগত তথা থলুৱা খেলৰ প্ৰসাৰৰ ক্ষেত্ৰত সুযোগ অন্বেষণৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।