বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আহ্বান

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ বেংক বিষয়াৰ তৃতীয় অভিৱৰ্তনত দিয়া ভাষণত শ্রীসিন্ধিয়াই কয় যে দেশৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ উত্তৰ- পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে।

সেয়েহে অঞ্চলটোৰ স্থানীয় লোকসকলৰ হিতৰ বাবে সেৱা আগবঢ়াবলৈ তেওঁ বেংকসমূহক আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয়স চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ লৈছে। মিজোৰামত সাক্ষৰতাৰ হাৰ প্ৰায় ১০০ শতাংশ হোৱাৰ বাবে প্ৰশংসা কৰি তেওঁ কয় যে ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য, অনুকূল জলবায়ু আৰু পৰিৱেশে পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে।

মিজোৰামৰ উন্নয়নৰ ক্ষেত্ৰত চাইৰাঙলৈ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত হৈছে। বৈৰৱী-চাইৰাং ৰে’ল পথছোৱাই যাত্ৰা সুচল কৰি তোলাৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোগাযোগ উন্নত কৰিছে বুলি তেওঁ উল্লেখ কৰে।