October 13, 2026 2:45 PM

views 6

বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আহ্বান

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ বেংক বিষয়াৰ তৃতীয় অভিৱৰ্তনত দিয়া ভাষণত শ্রীসিন্ধিয়াই কয় যে দেশৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ উত্তৰ- পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে অঞ্চলটোৰ স্থানীয় লোকসকলৰ হিতৰ বাবে সেৱা আগবঢ়াবলৈ তেওঁ বেংকসমূহক আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ...

September 2, 2026 9:02 PM

views 17

মধ্য প্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি মধ্য প্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। তেওঁ শিৱপুৰীত আধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা মুখ্য ডাকঘৰটো উদ্বোধন কৰে। এতিয়াৰে পৰা স্থানীয় ৰাইজে একেটা স্থানতে স্পীড পোষ্ট, সঞ্চয় বেংক, ডাক জীৱন বীমা, আধাৰ আৰু বিভিন্ন বিত্তীয় সেৱা লাভ কৰিব পাৰিব। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে শিৱপুৰীৰ কাকৰৱায়াত দেশৰ সপ্তমটো ডাক প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ভূমিপূজন অনুষ্ঠানত অংশগ্রহণ কৰে। প্ৰায় ৯১ কোটি...

July 1, 2026 2:24 PM

views 34

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কালি ধাৰাসাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্রস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্রীসিন্দিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ...

November 29, 2024 8:58 PM

views 48

অহা ৬ ডিচেম্বৰৰ পৰা ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ

অহা ৬ ডিচেম্বৰৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া অষ্টলক্ষ্মী মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক ব্যৱধান দূৰ কৰিব বুলি উত্তৰ-পূব উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আশা প্রকাশ কৰিছে। তিনিদিনীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদৰ প্ৰদৰ্শনৰ লগতে অঞ্চলটোৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয়, যে অষ্টলক্ষ্মী মহোৎসৱ হৈছে লক্ষ্মী দেৱীৰ ৮ টা অৱতাৰ যেনে- ...