ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কালি ধাৰাসাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়।
জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্রস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্রীসিন্দিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মুখ্যমন্ত্ৰী প্রেমছিং তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে।
উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ সাতখন জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।
ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ সাতখন জিলাৰ ২৫৭ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ ১৭৬ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্রস্ত প্রায় ১২ হাজাৰ লোকৰ বাবে ৯টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে।
ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা চিমেন নদীৰ ওপৰত থকা ৰে’লৱে দলংখন মেৰামতিৰ কাম অব্যাহত আছে বুলি সাংসদ প্ৰদান বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে লক্ষ্ণৌৰ পৰা বিশেষজ্ঞৰ দলে দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত কৰি আছে।
বিশেষজ্ঞৰ দলটোৱে দিখাৰী নৈৰ ওপৰত থকা ৰে’লৱে দলংখন পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত উত্তৰ- পূব সীমান্তৰ ৰে’লৱে মহাপ্রবন্ধকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
তেওঁ লগতে বানৰ মাজতো ধেমাজি জিলাৰ চিচিবৰ গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিভিন্ন অঞ্চলত শিশুসকলক পলিঅ’ প্রতিষেধক প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে।
বোকাখাত সমজিলাৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ’ অঞ্চলসমূহত পানী সোমাইছে যদিও এইপর্যন্ত কোনো জটিলতাৰ সৃষ্টি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট-মাজুলী সংযোগী ফেৰীসেৱা বন্ধ ৰখা হৈছে।
অৰুণাচলৰ পৰা নামি অহা ধলে গহপুৰত সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল’বলৈ কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই গহপুৰ ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁইৰ সৈতে তেওঁ হেলেম আৰু গহপুৰ ৰাজহ চক্ৰৰ বান আৰু খহনীয়া ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।