কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছেঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছে। নতুন দিল্লীত অনুষ্ঠিত ব্লুমবার্গ নিউ ইকনমি ফ’ৰামত ভাষণ দি মোদীয়ে কয় যে ভাৰতৰ অগ্ৰগতি সমগ্ৰিক বিকাশ আৰু ভাগ-বতৰা কৰা সুযোগৰ ওপৰত প্ৰতিষ্ঠিত।

তেওঁ কয়, ক্ষমতা কেৱল আগবাঢ়ি যোৱাৰ সামৰ্থই নহয়, ই আনক শক্তিশালী কৰাৰো সামৰ্থ্য আছে। তেওঁ কয় যে বর্তমান যুগত ডিজিটেল শক্তি এই ৰূপান্তৰৰ অন্যতম মূল চালিকা হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ডিজিটেল শক্তিয়ে ভাৰতৰ বাবে অধিক সুযোগ মুকলি কৰিছে।

প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে একবিংশ শতিকাত প্ৰযুক্তি, তথ্য, জ্ঞান আৰু উদ্ভাৱন–শক্তিৰ গুৰুত্বপূৰ্ণ উৎস হৈ পৰিছে। তেওঁ কয়, ভাৰতৰ সামর্থ্যই যাতে আন দেশৰ বাবেও সুযোগৰ নতুন দুৱাৰ মুকলি কৰে, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই আছে।

ভাৰত গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি প্রধানমন্ত্রীয়ে কয় যে ইয়াত ১০০ টাতকৈও অধিক ভাষা, প্রায় ৮০ হাজাৰ পঞ্জীয়নভুক্ত বাতৰি কাকত আৰু প্ৰকাশন, আৰু এক হাজাৰতকৈ অধিক উপগ্রহীয় টেলিভিছন চেনেল আছে। শ্রীমোদীয়ে ভাৰতে বিগত দশকত পঁচিশ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ কথা প্ৰকাশ কৰে।

প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে ২০১৪ চনৰ পৰা ভাৰতৰ ষ্টাৰ্টআপ ইক’চিষ্টেম যথেষ্ট সম্প্ৰসাৰিত হৈছে, ষ্টার্টআপৰ সংখ্যাই দুই লাখ পঞ্চাশ হাজাৰ অতিক্ৰম কৰিছে। তেওঁ কয় যে এই ষ্টার্টআপসমূহৰ প্ৰায় আধা অংশ সৰু সৰু চহৰ আৰু নগৰৰ যুৱক-যুৱতীসকলে গঢ়ি তুলিছে। আনহাতে ৪৫ শতাংশতকৈও অধিক ষ্টার্টআপত অন্ততঃ এগৰাকী মহিলা পৰিচালক বা অংশীদাৰ আছে।