দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা চলি আছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰা হৈছে। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্রাচীন দৌল-দেৱালয়সমূহত যথাবিহিত ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে সংযম, ত্যাগ আৰু দৃঢ়তাৰ প্ৰতিভূ দেৱী ব্ৰহ্মচাৰিণীয়ে সকলোকে আত্মসংযম আৰু সাহস যোগাব বুলি কামনা কৰে।
উল্লেখযোগ্য যে কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হ’ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ’ব।
আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌৰী আৰু মহা নৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ’ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব।