অসমৰ ৬ গৰাকী যুৱ প্ৰজন্মৰ শিল্পীকে ধৰি দেশৰ ১০৬ গৰাকী শিল্পীক আজি ২০২৪-২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনৰ মেঘদূত থিয়েটাৰ কমপ্লেক্সত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে এই সন্মান প্ৰদান কৰে।
অসমৰ পৰা সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰাক ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান কৰা হয়।
২০২৫ বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰি গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী শ্ৰী শেখাৱটে কয়, যে কেৱল উন্নত আন্তঃগাঁথনি আৰু বস্তুগত বিকাশৰ দ্বাৰা বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱপৰ নহয়।
এইক্ষেত্ৰত কলা, সংস্কৃতি আৰু ঐতিহ্যই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ প্ৰকৃত পৰিচয় সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যত নিহিত হৈ আছে বুলি তেওঁ কয়। তেওঁ কয়, যে দেশে সম্প্ৰতি ৰূপান্তৰৰ প্ৰক্ৰিয়াৰ মাজেৰে গতি কৰিছে আৰু ইয়াৰ পৰিচিতি সমগ্ৰ বিশ্বতে শক্তিশালী হৈছে। এই ৰূপান্তৰৰ ক্ষেত্ৰত শিল্পীসকলৰ বিশেষ ভূমিকা আছে বুলি তেওঁ কয়। বিভিন্ন প্রত্যাহ্বান অতিক্রমী কলা-সংস্কৃতিলৈ অৱদান আগবঢ়াই অহা শিল্পী-কলাকুশলীসকলক তেওঁ প্ৰশংসা কৰে।
এই অনুষ্ঠানত সংস্কৃতি দপ্তৰৰ সচিব বিবেক আগৰৱালৰ লগতে মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে অংশ লয়। উল্লেখযোগ্য যে ৪০ বছৰ পৰ্যন্ত বয়সৰ যুৱ প্ৰতিভাক শিল্প, সংগীত, নৃত্য-নাট আৰু কলাক্ষেত্ৰত দেখুওৱা নৈপুণ্যৰ আধাৰত এই সন্মানৰ বাবে বাছনি কৰা হয়।