দেশজুৰি আজি ৰাষ্ট্ৰীয় আইন সেৱা দিৱস পালন কৰা হৈছে। ১৯৯৫ চনৰ আজিৰ দিনটোতে চৰকাৰে আইনী সেৱা প্ৰাধিকৰণ বিধি ১৯৮৭ কাৰ্যকৰী কৰিছিল। অভাৱী লোকসকলক বিনামূলীয়া আইনী সাহায্য প্রদান কৰাই এই আইনৰ মূল উদ্দেশ্যে। সমগ্র দেশতে এই দিৱস উপলক্ষে আজি ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণসমূহৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সজাগতামূলক কাৰ্যসূচীসমূহৰ জৰিয়তে জনসাধাৰণক বিনামূলীয়া আইনী সহায় আৰু অন্যান্য সেবাসমূহৰ বিষয়ে অৱগত কৰোৱা হয়। জনসাধাৰণক তেওঁলোকৰ আইনী অধিকাৰসমূহৰ প্ৰতি সজাগ কৰাৰ লগতে বিভিন্ন বিবাদ সমাধানৰ ভিন ভিন উপায় সম্পর্কে অৱগত কৰোৱাও এই দিৱস পালনৰ অন্যতম মুখ্য উদ্দেশ্য। বিনামূলীয়া আইনী সাহায্য, লোক আদালত, ফাষ্টট্রেক আদালত আৰু আইনী সজাগতা কাৰ্যসূচীসমূহৰ জৰিয়তে জনসাধাৰণক সহজে আৰু কম সময়তে ন্যায় প্রদানৰ প্ৰয়াস কৰা হৈছে। বিগত ১০ বছৰত লোক আদালতৰ মাধ্যমেৰে ৩৪ কোটিতকৈও অধিক গোচৰ নিষ্পত্তি কৰা হৈছে।
Assamese | November 9, 2026 1:03 PM | Legal Service Day
আজি ৰাষ্ট্ৰীয় আইন সেৱা দিৱস