সমগ্ৰ ৰাজ্যতে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজা পালন কৰা হৈছে। দীপাৱলী উপলক্ষে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰতিটো অঞ্চল আলোকসজ্জাৰে দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে। বজাৰসমূহত মাটিৰ চাকিৰ লগতে প্ৰশাসনৰ নিয়ম মানি বিক্রেতাসকলে ফটকা আতচবাজি আদি বিক্রী কৰিছে। পোহৰৰ উৎসৱৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
ইপিনে, বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্রদূষণবিহীন দীপাৱলী উদযাপন কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে। গুৱাহাটী পৌৰ নিগমে দীপাৱলীৰ পাছত চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বিশেষ ব্যৱস্থা লৈছে। দীপাৱলীত পথৰ কাষত চাকি জ্বলোৱা কলগছসমূহ আঁতৰাই নিয়াৰ লগতে অন্যান্য আৱর্জনাসমূহো আঁতৰাই নি মহানগৰীখন পৰিষ্কাৰ কৰা হ’ব বুলি পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্রকাশ কৰে।