October 19, 2026 3:43 PM
2
অসমৰ ৬ গৰাকী যুৱ প্ৰজন্মৰ শিল্পীকে ধৰি দেশৰ ১০৬ গৰাকী শিল্পীক ২০২৪-২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান
অসমৰ ৬ গৰাকী যুৱ প্ৰজন্মৰ শিল্পীকে ধৰি দেশৰ ১০৬ গৰাকী শিল্পীক আজি ২০২৪-২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনৰ মেঘদূত থিয়েটাৰ কমপ্লেক্সত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে এই সন্মান প্ৰদান কৰে। অসমৰ পৰা সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰাক ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান কৰা হয়। ২০২৫ বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শই...