চলিত শিক্ষা বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া শিক্ষার্থীসকলৰ বাবে প্ৰ-পত্ৰ পূৰণৰ জাননী জাৰি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী অনুসৰি অহা বছৰৰ মার্চ-এপ্ৰিলত হ’বলগীয়া এই পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা ১৪ নৱেম্বৰত আৰম্ভ হ’ব। ৫ ডিচেম্বৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। কোনো শিক্ষার্থীয়ে যাতে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি নাযায়, সেয়া নিশ্চিত কৰিবলৈ শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক নির্দেশ দিয়া হৈছে। নিয়মীয়া পৰীক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাৰ মাছুল ৯০০ টকা আৰু কেন্দ্ৰৰ মাচুল ৩৫০ টকা হ’ব বুলি জাননীত উল্লেখ কৰা হৈছে। ব্যৱহাৰিক পৰীক্ষা থকাসকলে প্রতিটো বিষয়ত ১০০ টকাকৈ অতিৰিক্ত মাছুল দিব লাগিব। বেটাৰমেন্ট অর্থাৎ পূৰ্বৰ তুলনাত উন্নত ফলাফল বিচাৰি পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজাসকলে এহেজাৰ ২০০ টকাকৈ মাছুল আদায় দিব লাগিব। আনহাতে, চৰকাৰী প্ৰাদেশীকিকৃত অথবা স্বীকৃতিপ্রাপ্ত বিদ্যালয়ত অধ্যয়নৰত যিসকল ছাত্র-ছাত্রীৰ অভিভাৱকৰ বছৰেকীয়া উপার্জন ৪ লাখ টকাতকৈ কম, তেওঁলোকক মাছুল ৰেহাই দিয়া হৈছে। প্র-পত্ৰ পূৰণ নকৰা কোনো শিক্ষার্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব আৰু প্ৰ-পত্ৰ পূৰণৰ পাছত বিষয় সাল-সলনি কৰিব নোৱাৰিব বুলি জাননীত কোৱা হৈছে।
Assamese | November 9, 2026 1:15 PM | HS Notice
চলিত শিক্ষা বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ জাননী জাৰি