November 9, 2026 1:15 PM

views 7

চলিত শিক্ষা বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ জাননী জাৰি

চলিত শিক্ষা বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ'বলগীয়া শিক্ষার্থীসকলৰ বাবে প্ৰ-পত্ৰ পূৰণৰ জাননী জাৰি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী অনুসৰি অহা বছৰৰ মার্চ-এপ্ৰিলত হ'বলগীয়া এই পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা ১৪ নৱেম্বৰত আৰম্ভ হ'ব। ৫ ডিচেম্বৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। কোনো শিক্ষার্থীয়ে যাতে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি নাযায়, সেয়া নিশ্চিত কৰিবলৈ শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক নির্দেশ দিয়া হৈছে। নিয়মীয়া পৰীক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাৰ ...