ভাৰতে ৫৫ গিগাৱটতকৈ অধিক ইন্ধন ক্ষমতা সংযোজনেৰে ৩০০ গিগাৱট অজীৱাশ্ম ইন্ধনচালিত বিদ্যুৎ উৎপাদনৰ সামৰ্থ অতিক্ৰম কৰিছে

ভাৰতে ৫৫ গিগাৱটতকৈ অধিক ইন্ধন ক্ষমতা সংযোজনেৰে ৩০০ গিগাৱট অজীৱাশ্ম ইন্ধনচালিত বিদ্যুৎ উৎপাদনৰ সামৰ্থ অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ ভিতৰত ৫০০ গিগাৱাট অজীৱাশ্ম ইন্ধনৰ সামৰ্থ অৰ্জন কৰাৰ পূৰ্ব নিৰ্ধাৰিত লক্ষ্যৰে স্বচ্ছ শক্তি দিশত নিৰ্ভৰশীলতা বৃদ্ধি কৰি সৌৰ আৰু বায়ু শক্তিক প্ৰধান উপাদান হিচাপে গণ্য কৰিছে।

চৰকাৰে লগতে নৱীকৰণযোগ্য শক্তি সংৰক্ষণৰ বাবে ইন্ধন সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে কেতবোৰ পৰিসংখ্যা মুকলি কৰিছে। ইয়াত উল্লেখ কৰা মতে কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে ২০৩১-৩২ চনৰ ভিতৰত প্রায় ৭৪ গিগাৱৰ্ট শক্তি সংৰক্ষণ ক্ষমতাৰ বাবে প্ৰকল্প নিৰ্ধাৰণ কৰিছে।

ইয়াৰ ভিতৰত পাম্প ষ্টজে প্ৰকল্প – পি এছ পিৰ পৰা ২৭ গিগাৱৰ্ট আৰু বেটাৰী ষ্টৰ্জেৰ পৰা ৪৭ গিগাৱটতকৈ অধিক সংগ্ৰহ কৰা হ’ব। ইয়াৰ উপৰি চৰকাৰে পি এছ পিৰ বিকাশ আৰু নিয়োগ বৃদ্ধিৰ বাবে সমন্বিত নীতি নিয়ন্ত্রণ, চাহিদা আৰু যোগান, সমতুল কৰাৰ বাবে ব্যৱস্থাকে ধৰি বিভিন্ন পদক্ষেপ লৈছে।