বিমষ্টেকৰ গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত

বহুখণ্ডীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে প্ৰথমখন বে অফ বেংগল ইনিচিয়েটিভ, বিমষ্টেকৰ গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হৈছে।

ভাৰতে আয়োজন কৰা এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে এই বৈঠকৰ জৰিয়তে সন্ত্রাসবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, নিচাযুক্ত দ্ৰব্যৰ উগ্রবাদ আৰু সৰবৰাহৰ, অবৈধ বিত্তীয় প্রবাহ, আৰু চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াৰ উমৈহতীয়া সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰসমূহে নির্ণায়ক সমন্বয়ৰ মাধ্যমেৰে অধিক সুৰক্ষিত, শক্তিশালী আৰু অধিক নিৰাপদ বিমষ্টেক অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

বিমষ্টেক হৈছে বংগোপসাগৰ আৰু ইয়াৰ আশে-পাশে থকা দেশসমূহৰ মাজত অর্থনৈতিক আৰু কাৰিকৰী সহযোগিতা বৃদ্ধিৰ বাবে ১৯৯৭ চনত স্থাপন কৰা এটা আঞ্চলিক সংস্থা।

৭খন সদস্য ৰাষ্ট্ৰ যেনে বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ড এই গোটটো গঠিত হৈছে। ইয়াৰ লক্ষ্য হৈছে বংগোপসাগৰৰ ওচৰ-চুবুৰীয়া দেশসমূহৰ মাজত অর্থনৈতিক আৰু কাৰিকৰী সহযোগিতা বৃদ্ধি কৰা।