কেন্দ্রীয় বিত্ত মন্ত্রালয়ে পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায় পৰ্যায়ত ৰাষ্ট্ৰজুৰি বিত্তীয় অন্তর্ভুক্তি অভিযান আৰম্ভ কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রালয়ে পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায় পৰ্যায়ত আজি ৰাষ্ট্ৰজুৰি বিত্তীয় অন্তর্ভুক্তি অভিযান আৰম্ভ কৰিছে। অহা ৩১ ডিচেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ২ লাখ ৭০ হাজাৰ গাওঁ পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায় সামৰি লোৱা হ’ব।

বিত্তীয় সেৱা বিভাগে প্ৰকাশ কৰা মতে, এই অভিযানৰ অধীনত বেংকসমূহে প্রধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা, প্রধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ অধীনত নাম পঞ্জীয়নৰ বাবে শিবিৰৰ আয়োজন কৰিছে।

এই অভিযানৰ জৰিয়তে ৰবি শস্য বৰ্ষৰ পূৰ্বে কিষাণ ক্রেডিট কাৰ্ড আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত নাম পঞ্জীয়নৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ’ব।

মন্ত্ৰালয়ে প্রকাশ কৰা মতে ৰাজ্যিক প্রশাসন, বেংক আৰু বিত্তীয় সেৱা বিভাগে অভিযানৰ অগ্ৰগতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব। বিত্তীয় সেৱাৰ প্ৰসাৰ আৰু যোগ্য লোকক গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি সামৰি লোৱাই এই অভিযানৰ মূল উদ্দেশ্য।

এই অভিযানে দুৰণিবটীয়া এলেকাৰ জনসাধাৰণক বিত্তীয় সেৱাত চামিল কৰি সৱল কৰি তোলা আৰু এখন সৰ্বাত্মক সমাজ গঢ়াৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে।