শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী। আজি দুর্গা পূজাৰ অন্তিমটো দিন। দেশৰ বিভিন্ন প্রান্তত পৰম্পৰাগত নীতি-নিয়মেৰে বিজয়া দশমী পালন কৰা হৈছে। নৱৰাত্ৰিৰ শেষত উদযাপন কৰা বিজয়া দশমীক দশেৰা নামেৰেও জনা যায়।
ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা বিজয়া দশমীৰ দিনা নৈৰ ঘাট বা কোনো জলাশয়ত বিসর্জন দিয়া হয়। অশুভ শক্তিৰ বিপৰীতে শুভ শক্তিৰ বিজয় উদযাপন এই দিনটোৰ অন্যতম তাৎপর্য।
বিজয়া দশমী উপলক্ষে জিলা প্রশাসনসমূহে বিভিন্ন জিলাত উদযাপন কৰা দুর্গা পূজাৰ প্ৰতিমাসমূহ যথাবিহিত নীতি-নিয়মেৰে বিসর্জন দিয়াৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিয়ম নির্ধাৰণ কৰিছে।
ডিব্ৰুগড় জিলা প্রশাসনে দেৱী বিসৰ্জনৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে। দেৱী বিসর্জন পর্ব নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পূজা সমিতিসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি, বিসৰ্জনৰ সময়ত উচ্চস্বৰত ডি জে বজোৱাটো নিষিদ্ধ কৰা হৈছে।
একেদৰে যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি জিলাসমূহৰ প্ৰশাসনেও প্রতিমা বিসর্জনৰ ক্ষেত্ৰত পূজা সমিতিসমূহলৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। দুর্গা পূজাৰ প্ৰতিমা বিসর্জন উপলক্ষে আজি নগাঁও যান-বাহন আৰক্ষীয়ে জিলাখনত যান-বাহন নিয়ন্ত্রণ ব্যৱস্থা আৰু পথ নির্দেশনা প্রকাশ কৰিছে।
এই অনুসৰি প্রতিমা কঢ়িওৱা বাহনসমূহ কলং নৈৰ বিসর্জন স্থানলৈ যোৱা আৰু বিসৰ্জনৰ পাছত বাহনসমূহ ওলাই অহাৰ বাবে সুকীয়া পথ নিৰ্ধাৰণ কৰা হৈছে।
গুৱাহাটী মহানগৰীতো যান-বাহন আৰক্ষীয়ে প্রতিমা কঢ়িওৱা বাহনসমূহ চানমাৰিৰ পৰা মহাৰজা পৃথু উৰণ সেঁতুৰ ওপৰেৰে জিলা পুথিভঁৰাল পইন্ট, কে এল বি ৰ’ড আৰু সত্ৰ ন্যায়াধীশৰ আদালত হৈ এম জি ৰ’ডেৰে যোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।
টকোবাৰী, পল্টনবজাৰ, উলুবাৰী, বিৰুবাৰী, বিষ্ণুপুৰ, আঠগাঁও, ৰিহাবাৰী আদি অঞ্চলসমূহৰ বাহনসমূহ আৰ্য্যনগৰ, এ কে আজাদ ৰ’ড, নেপালী মন্দিৰ, পাণবজাৰ ৰে’লৱে উৰণ সেতু হৈ এম জি ৰ’ডেৰে যাত্ৰা কৰিব।
একেদৰে, গণেশগুৰি, দিছপুৰ, কাহিলিপাৰা আদি অঞ্চলৰ পৰা প্ৰতিমা বিসর্জনৰ বাবে যোৱা বাহনসমূহ আৰ জি বৰুৱা পথ, চানমাৰি, গুৱাহাটী ক্লাব হৈ লাচিত ঘাটলৈ যাব পাৰিব। এই সময়ছোৱাত সাধাৰণ যানবাহনৰ বাবে পথ কেইটা সম্পূর্ণ ৰূপে বন্ধ থাকিব। ইপিনে, মহানগৰীৰ পাণ্ডুঘাট আৰু লাচিত ঘাটত প্রতিমা বিসর্জনৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈছে।
গোৱালপাৰা জিলাৰ ৩৬ খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত বিসর্জন কার্যসূচী সমাপন কৰিব। ইয়াৰ বাবে প্রশাসনে ইতিমধ্যে কাছাৰী ঘাটত ৰেম্প তৈয়াৰ কৰা কাম সম্পূৰ্ণ কৰিছে। আজি বিয়লিৰে পৰা ঘাটটোত বিসর্জন কার্যসূচী অনুষ্ঠিত হ’ব।
শিলচৰৰ বৰাক নদীত আজি দুপৰীয়াৰ ভাগৰ পৰা প্রতিমা বিসর্জন কার্যসূচী অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সকলোকে শান্তি শৃংখলা, নিৰাপত্তা অক্ষুণ্ণ ৰাখি বিসর্জন পর্ব সম্পন্ন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।