দেশজুৰি আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৫৯ চনৰ এই দিনটোতে ভাৰত-চীন সীমান্তত টহল দি থকা অৱস্থাত সশস্ত্র চীনা সেনাৰ অতর্কিত আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১০ জন বীৰ জোৱান শ্বহীদ হৈছিল। তেতিয়াৰে পৰাই ২১ অক্টোবৰ দিনটো প্ৰতিবছৰে আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষী স্মৃতি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া সাহসী আৰক্ষী জোৱানসকললৈ শ্রদ্ধা নিবেদন কৰে। তেওঁ কয়, যে এই দিনটোতেই প্রায়ে প্রত্যাহ্বানপূর্ণ পৰিস্থিতিত অতি দায়বদ্ধতাৰে সেৱা আগবঢ়োৱা আৰক্ষীসকললৈ গভীৰ শ্ৰদ্ধা জনোৱা হয়।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে। কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ সুৰক্ষা আৰু দেশৰ সেৱাৰ স্বাৰ্থত বীৰ জোৱানসকলৰ সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠা সদায়ে প্ৰেৰণাৰ উৎস।
স্বাধীনতাৰ পিছৰ পৰা বৰ্তমানলৈকে অসম আৰক্ষীয়ে ৯০০ৰো অধিক বিষয়া-জোৱানক দায়িত্বত থকা সময়ত হেৰুৱাইছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।
কাৰ্যসূচীত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিং আৰু আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
গোৱালপাৰা জিলাতো আজি পুৱা আৰক্ষী স্মৃতিচাৰণ দিৱস পালন কৰা হয়। গোৱালপাৰা চহৰৰ বেলতলাৰ জিলা সংৰক্ষিত আৰক্ষী ছাউনীত আয়োজিত কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱণীত মহন্ত লগতে অন্যান্য আৰক্ষী বিষয়া-জোৱানসকলে শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।