কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজাদ হিন্দ ফৌজ গঠনৰ কথা সুঁৱৰি কয় যে ১৯৪৩ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্র বসুৰ নেতৃত্বত ভাৰতৰ প্ৰথম স্বাধীন চৰকাৰ গঠন হৈছিল। এই উপলক্ষে শ্রীশ্বাহে নেতাজী আৰু দেশমাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰাৰ বাবে সৰ্বস্ব ত্যাগ কৰা সাহসী জোৱানসকলৰ প্রতি শ্রদ্ধা জনায়।
সামাজিক মাধ্যমৰ এটা বাৰ্তা শ্বেয়াৰ কৰি শ্ৰীশ্বাহে কয় যে আজাদ হিন্দ ফৌজৰ জৰিয়তে নেতাজীয়ে দেশপ্রেমী যুৱকৰ বিশাল সেনা গঠন কৰি ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল আৰু স্বাধীনতা আন্দোলনক নতুন গতি প্রদান কৰিছিল।
নেতাজীৰ অদম্য সাহস, দেশপ্রেম আৰু ত্যাগ প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণা উৎস হৈ ৰ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা দিৱসত দেশৰ স্বাধীনতাৰ সৰ্বস্ব ত্যাগ কৰা বীৰ সৈনিকসকলক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰে। সামাজিক মাধ্যমৰ এটা বার্তাত ড০ শৰ্মাই দেশমাতৃৰ মুক্তিৰ বাবে সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ অনন্য নিদর্শন দাঙি ধৰা প্ৰতিগৰাকী বীৰলৈ শ্ৰদ্ধা জনায়।