প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বসুধৈৱ কুটুম্বকম দৰ্শনৰ দ্বাৰা অনুপ্রাণিত হৈ ভাৰতে বিশ্ব শান্তি আৰু মানৱতাৰ কল্যাণৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাৰে সমৃদ্ধি, জ্ঞান আৰু শক্তিক একেলগ কৰিব বিচাৰিছে।
তাজিকিস্তানৰ ৰাজধানী ডুশ্বানবেত প্রবাসী ভাৰতীয়সকলৰ উদ্দেশি দিয়া ভাষণত শ্রীসিঙে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন, সংস্কাৰচালিত প্রশাসন, উন্নত প্রযুক্তি আৰু বর্ধিত গোলকীয় স্তৰে এই দর্শনক বাস্তৱায়িত কৰাত সহায় কৰিছে।
ভাৰতৰ শক্তিশালী অর্থনৈতিক বিকাশত আলোকপাত কৰি শ্রীসিঙে কয় যে দেশে সম্প্রতি গোলকীয় অর্থনৈতিক বিকাশত ১৬ শতাংশৰো অধিক অৰিহনা যোগায় আৰু প্রায় ৭.৮ শতাংশ হাৰত দেশৰ বিকাশ হৈ আছে। তেওঁ উল্লেখ কৰে যে ভাৰতে ৩৮ খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি কৰিছে আৰু ইয়াৰ জৰিয়তে ভাৰতীয় উৎপাদক আৰু নিৰ্মাণকাৰীসকলৰ বাবে নতুন বজাৰ মুকলি হৈছে।
কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা সামগ্রী নির্মাণ, ষ্টার্টআপ, নবীকৰণযোগ্য শক্তি, ডিজিটেল পেমেন্ট আৰু আন্তঃগাঁথনি খণ্ডত ভাৰতৰ গুৰুত্বপূৰ্ণ অগ্রগতিত আলোকপাত কৰে। তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ৩৮,৪২৪ কোটি টকালৈ বৃদ্ধি পাইছে আৰু প্ৰতিৰক্ষা উৎপাদনো উল্লেখনীয়ভাবে ১ লাখ ৮০ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে।
তদুপৰি বিগত দশকত প্রায় ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।শ্রীসিঙে ভাৰতৰ গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ বিকাশত, বিশেষকৈ ছেমি কণ্ডাক্টৰ নিৰ্মাণ আৰু মহাকাশ অন্বেষণত আলোকপাত কৰি চন্দ্ৰযান আৰু আদিত্য এল-ৱানৰ দৰে সফল অভিযানৰ কথা উল্লেখ কৰে। তেওঁ লগতে গগনযান মানৱ মহাকাশযান অভিযানৰ বৰ্তমানৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো আস্থা ব্যক্ত কৰে।
ভাৰত আৰু তাজিকিস্তানৰ সম্পৰ্কৰ সন্দৰ্ভত শ্রীসিঙে উল্লেখ কৰে যে ভাৰতীয় সংগীত, সাহিত্য আৰু চিনেমাৰ জনপ্ৰিয়তাৰ দৰে সাংস্কৃতিক সম্পর্কই জনসাধাৰণৰ মাজৰ সম্পৰ্ক নিৰন্তৰ শক্তিশালী কৰিছে। এই অনুষ্ঠানতে শ্রীসিঙে বিশিষ্ট ভাৰতবিদ, তাজিকিস্তানৰ প্ৰথমগৰাকী পদ্মশ্রী সন্মানেৰে সন্মানিত ব্যক্তি, অধ্যাপক হাবিবুল্লো ৰাজাবভক হিন্দী সাহিত্য, শিক্ষা আৰু দৰ্শনলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে সম্বর্ধনা জনায়।