October 21, 2026 12:04 PM

views 7

দেশজুৰি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন; অসম আৰক্ষীয়ে ৯০০ৰো অধিক বিষয়া-জোৱানক দায়িত্বত থকা সময়ত হেৰুৱাইছে বুলি মুখ্যমন্ত্রীৰ উল্লেখ

দেশজুৰি আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৫৯ চনৰ এই দিনটোতে ভাৰত-চীন সীমান্তত টহল দি থকা অৱস্থাত সশস্ত্র চীনা সেনাৰ অতর্কিত আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১০ জন বীৰ জোৱান শ্বহীদ হৈছিল। তেতিয়াৰে পৰাই ২১ অক্টোবৰ দিনটো প্ৰতিবছৰে আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষী স্মৃতি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া সাহসী আৰক্ষী জোৱানসকললৈ শ্রদ্ধা নিবেদন কৰে। তেওঁ কয়, যে এই দিনটোতেই প্রায়ে প্রত্যাহ্বানপূর্ণ পৰিস্থ...