শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি আৰু কাইলৈ কেতবোৰ নীতি নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব।
আনহাতে, প্রতিমা কঢ়িওৱা বাহনসমূহ চানমাৰিৰ পৰা মহাৰজা পৃথু উৰণ সেতুলৈ চলাচল কৰা যান-বাহনসমূহ জিলা পুথিভঁৰাল পইন্ট, কে এল বি ৰড আৰু সত্ৰ ন্যায়াধীশৰ আদালত হৈ এম জি ৰ’ডেৰে যাব লাগিব।
টকোবাৰী, পল্টনবজাৰ, উলুবাৰী, বিৰুবাৰী, বিষ্ণুপুৰ, আঠগাঁও, ৰিহাবাৰী আদি অঞ্চলসমূহৰ বাহনসমূহ আৰ্য্যনগৰ, একে আজাদ ৰ’ড, নেপালী মন্দিৰ, পাণবজাৰ ৰে’লৱে উৰণ সেতু হৈ এম জি ৰ’ডেৰে যাত্ৰা কৰিব।
একেদৰে, গণেশগুৰি, দিছপুৰ, কাহিলিপাৰা আদি অঞ্চলৰ পৰা প্ৰতিমা বিসর্জনৰ বাবে যোৱা বাহনসমূহ আৰ জি বৰুৱা পথ, চানমাৰি, গুৱাহাটী ক্লাব হৈ লাচিত ঘাটলৈ যাব পাৰিব। এই সময়ছোৱাত সাধাৰণ যানবাহনৰ বাবে পথ কেইটা সম্পূর্ণ ৰূপে বন্ধ থাকিব।
যান-বাহন আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ বাবেও যান-বাহন চলাচলৰ ক্ষেত্ৰত নীতি-নির্দেশনা জাৰি কৰিছে। পথত শৃংখলা অটুট ৰখাৰ বাবে এই নির্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
ইপিনে, মহানগৰীৰ পাণ্ডুঘাট আৰু লাচিত ঘাটত প্রতিমা বিসর্জনৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈছে। পাণ্ডুঘাটত আজি আৰু কাইলৈ প্ৰায় ডেৰশখন পূজাৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে বুলি উদ্যোক্তাই প্রকাশ কৰে।