জাপানৰ আইচি নাগ’য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে দুটা ৰূপৰ পদক অৰ্জন কৰিছে। পুৰুষৰ ৬৫ কিলোগ্রাম পাৱাৰ লিফ্টিং ইভেণ্টত ভাৰতৰ অশোকে ১৯২ কিলোগ্রাম ভাৰোত্তলনেৰে ৰূপৰ পদক অর্জন কৰে। চীনৰ জ’ য়িয়ে ২১৬ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে ১৭৭ কিলোগ্রাম ওজন শাখাত ইণ্ডোনেছিয়াৰ মাৰ্গোনোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ৱান ইভেণ্টত ভাৰতৰ পেৰা শ্বুটাৰ মণিষ নাৰৱালে ফাইনেলত ২৩৩.৭ পইণ্ট লাভেৰে ৰূপৰ পদক অৰ্জন কৰে। দক্ষিণ কোৰিয়াৰ জ’ জেওংডুৱে সোণৰ পদক আৰু চীনৰ য়াং ছাৱে ব্ৰঞ্জৰ পদক লাভ কৰে৷
ইয়াৰ পূৰ্বে ভাৰতীয় পেৰা এথলিট দীপ্তি জীৱনজীয়ে মহিলাৰ ৪০০ মিটাৰ টী-২০ ইভেণ্টত ৫৬.৩৬ ছেকেণ্ডত অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰে। জীৱনজীৰ এই পদকেৰে ভাৰতে বৰ্তমানলৈ মুঠ ৫ টা সোণ লাভ কৰে।
ভাৰতৰ পেৰা টেবল টেনিছ খেলুৱৈ বেবি শ্বাহানা ৰবি আৰু প্ৰাচী পাণ্ডেই মহিলাৰ ছিংগছৰ ক্লাছ নাইন আৰু ক্লাছ ছিক্স ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। বেবি শ্বাহানা ৰবি আৰু প্ৰাচী পাণ্ডেৰ এই পদকেৰে টেবল টেনিছত ভাৰতে একেটা দিনতে চাৰিটা পদক লাভ কৰে। ভাৰতৰ ভাবিনা পেটেলে মহিলাৰ একক শাখাত ছেমি ফাইনেলত চীনৰ জাং য়ানৰ হাতত ৩-০ গ’লত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।
ইপিনে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মহিলাৰ ৪০০ মিটাৰ টী-২০ ত দীপ্তি জীৱনজীয়ে সোণৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে খেলুৱৈগৰাকীৰ এই সাফল্যই ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। পদক লাভ কৰা অন্যান্য খেলুৱৈসকললৈও ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শুভেচ্ছা জ্ঞাপন কৰে।