এছিয়ান পেৰা গেমছত ভাৰতৰ পেৰা এথলীটসকলৰ অনবদ্য প্ৰদৰ্শন

জাপানৰ আইচি-নাগ’য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতৰ পেৰা এথলীটসকলে আজিও অনবদ্য প্ৰদৰ্শন আগবঢ়াইছে। পুৰুষৰ শ্বটপুট এফ-ফটি ছিক্স শিতানত আজি শচীন ছাৰ্জেৰাও খিলাড়ীয়ে সোণৰ পদক, মহম্মদ য়াচিৰে ৰূপৰ পদক আৰু পাৰভীনে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

প্ৰবীণ কুমাৰে পুৰুষৰ হাইজাম্পৰ টি-ফটি ফৰ-ছিক্সটি ফৰ শিতানত সোণৰ পদক জয়েৰে অভিলেখ গঢ়িছে। একেটা শিতানতে বন্তিয়ে ৰূপৰ পদক জয় কৰে। এইপর্যন্ত ১৩টা সোণ, ১৮টা ৰূপ আৰু ১৯টা ব্ৰঞ্জসহ ভাৰতে মুঠ ৫০টা পদক অৰ্জন কৰিছে।

পুৰুষৰ শ্বটপুট এফ-ফিফটি থ্রী শিতানত ভাৰতৰ আয়ুষ বার্মাই আজি সোণৰ পদক জয় কৰে। ইপিনে প্রতিযোগিতাত আজি কম্পাউণ্ড মহিলাৰ ডাবলছ আৰ্চাৰীত ভাৰতৰ শীতল দেৱী আৰু পায়েল নাগে ৰূপ পদক জয় কৰে। একেদৰে পুৰুষৰ ফাইনেলত শ্যাম সুন্দৰ স্বামী আৰু তুমন কুমাৰ চীনৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব। পুৰুষৰ ১০০ মিটাৰ টি-থার্টি ফাইভ শিতানত অনুভৱ চৌধুৰী আৰু টি-থার্টি ছেভেন শিতানত ৰাকেশ ভাই ভাটে ব্ৰঞ্জৰ পদক জয় কৰিছে।