মণিপুৰত হিংসাত্মক ঘটনাত ক্ষতিগ্রস্ত লোকসকলক শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক বিশ্বাস পুনৰুদ্ধাৰৰ আহ্বান নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ

মণিপুৰত হিংসাত্মক ঘটনাত ক্ষতিগ্রস্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰি ৰাজ্যখনত শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক বিশ্বাস পুনৰুদ্ধাৰৰ আহ্বান জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই।

আজি ক’হিমাত নাগা পিপলছ ফ্ৰণ্টৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ দি ৰিঅ’ই দশকজোৰা নাগা ৰাজনৈতিক সমস্যাৰ এক সৰ্বাংগীন আৰু সকলো পক্ষৰ গ্ৰহণযোগ্য সমাধানৰ বাবেও আহ্বান জনায়। তেওঁ কয় যে নাগা জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে আলোচনাত জড়িত সকলো পক্ষই আন্তৰিকতাৰে আগবাঢ়ি অহা উচিত।

ৰাজনৈতিক সমাধানৰ অপেক্ষাত উন্নয়ন স্থবিৰ হৈ থাকিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষা, স্বাস্থ্য, কর্মসংস্থাপন আৰু আন্তঃগাঁথনিৰ উন্নয়নক চৰকাৰে অগ্ৰাধিকাৰ দি যাব বুলি প্ৰকাশ কৰে।