বঙাইগাঁও চহৰৰ এখন হোটেলত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ উপ-আৰক্ষী অধীক্ষক খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁও চহৰৰ এখন হোটেলত আৰক্ষীয়ে আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ উপ-আৰক্ষী অধীক্ষক খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰে। আমাৰ বঙাইগাঁৱৰ সংবাদদাতাই জনোৱা মতে কৰ্তব্যৰ পৰা ছুটী লৈ বিষয়াগৰাকীয়ে যোৱা ১৮ অক্টোবৰত হোটেললৈ আহিছিল। যোৱা ২০ অক্টোবৰলৈ তেওঁ নিজৰ কোঠাতেই খাদ্য গ্রহণ কৰিছিল বুলি হোটেল কর্তৃপক্ষই জনাইছে।

ইয়াৰ মাজতে আজি বন্ধ কোঠাটোৰ পৰা দুৰ্গন্ধ ওলোৱাত হোটেল কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে আৰু জিলা দণ্ডাধীশৰ উপস্থিতিত কোঠাটোৰ দুৱাৰ ভাঙি মজিয়াত পৰি থকা অৱস্থাত আৰক্ষী অধীক্ষকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও চিকিৎসালয় মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।