December 26, 2025 6:06 PM

views 79

বঙাইগাওঁ জিলা আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি

বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন অধিসূচনা অনুসৰি ধুবুৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত দীবাকৰ নাথক বদলি কৰি বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

October 27, 2025 9:19 PM

views 152

বঙাইগাঁও গ্রন্থমেলাত ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী

বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত চলি থকা বঙাইগাঁও গ্রন্থমেলাত আজি ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত এখন কবি সন্মিলনৰো আয়োজন কৰা হয়। ৰাজ্যৰ বিশিষ্ট কবি, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম কামালুদ্দিন আহমেদে কবি সন্মিলনখন সঞ্চালনা কৰে। ড০ আহমেদে কয়, যে অসমীয়া কবিতাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে দীৰ্ঘ পৰিক্ৰমা অতি...

October 8, 2025 8:43 PM

views 62

বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্রমিক সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

বঙাইগাওঁ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধানাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্রমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধানাগাৰৰ ভিতৰচ'ৰাত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়া, শ্ৰমিকক প্রাপ্য মজুৰি আদায় নিদিয়া আদি অভিযোগ উত্থাপন কৰি কেইবাশতাধিক শ্রমিকে ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

September 22, 2025 8:17 PM

views 72

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা দিয়া হয়। প্ৰতিটো বিধানসভা সমষ্টিৰ এশজন যক্ষ্মা ৰোগীক, নিক্ষয়মিত্ৰই এই খাদ্যৰ টোপোলা বিতৰণ কৰে। বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই খাদ্যৰ টোপোলা প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠক উপস্থিত থাকে। অনুষ্ঠানটি প্রয়াত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাতো আজি সেৱা সপ্তাহৰ অং...

June 24, 2025 1:01 PM

views 61

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা দুজন বাংলাদেশী নাগৰিকক

● ৰে'ল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা কালি সন্ধিয়া দুজন বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’ল সুৰক্ষা বাহিনীয়ে সন্দেহজনকভাৱে ষ্টেচনত ঘূৰি ফুৰা গোলাম ৰাববানী নামৰ লোকজনক আটক কৰাৰ কিছু সময়ৰ পাছতে গোলামৰ ভাতৃ আশাৰুল ইছলামকো আটক কৰে। বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ লোক দুজনে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা তাম্বমৰ এক্সপ্ৰেছ ৰে’লেৰে মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি ৰে'ল আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা পশ্চিমবংগত প্ৰস্তুত কৰা আধাৰ কাৰ্ড আৰু বাংলাদেশৰ ছীমকার্ড থকা দুটা ম'বাইল ফোন জব্দ কৰে ।

June 6, 2025 8:34 PM

views 78

বঙাইগাঁৱত ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান

বঙাইগাঁও জিলাতো আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে মাতৃৰ পিছতে অংগনবাড়ী কর্মীসকল হৈছে শিশুসকলৰ পথ প্ৰদৰ্শক। অংগনবাড়ী কর্মীসকলে যাতে কামসমূহ সূচাৰুৰূপে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্মার্ট ফোন প্ৰদান কৰা হৈছে বুলি জিলাখনৰ আয়ুক্ত নৱদীপ পাঠকে অনুষ্ঠানত উল্লেখ কৰে৷

May 12, 2025 6:36 PM

views 59

বঙাইগাঁও জিলাৰ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি মিত্রজোঁটৰ গৰিষ্ঠ সংখ্যক আসন দখল

বঙাইগাঁও জিলাৰ মুঠ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্রজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰিছে। জিলা পৰিষদৰ ৪ খন আসনত বিজেপিয়ে আৰু ৪ খনত অগপই জয়লাভ কৰিছে। এখন আসন কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ৩ খন আসনত নির্দলীয় প্রার্থীয়ে জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়তসমূহৰ ভিতৰত ১৯ খনত অগপ আৰু ১৫ খনত বিজেপিয়ে জয়লাভ কৰিছে। অন্য ১৫ খন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে ৯ খনত নিৰ্দলীয় প্রার্থীয়ে বিজয় সাব্যস্ত কৰিছে। ৰাইজৰ দলে দুখন আসন নিজৰ হাতত ৰাখিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে ৫ খনত এ আই ই...