বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত চলি থকা বঙাইগাঁও গ্রন্থমেলাত আজি ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত এখন কবি সন্মিলনৰো আয়োজন কৰা হয়। ৰাজ্যৰ বিশিষ্ট কবি, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম কামালুদ্দিন আহমেদে কবি সন্মিলনখন সঞ্চালনা কৰে। ড০ আহমেদে কয়, যে অসমীয়া কবিতাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰিছে আৰু ভাৰতীয় তথা বিশ্ব সাহিত্যৰ প্ৰেক্ষাপটৰ সৈতে তুলনা কৰিলে অসমীয়া কবিতাৰ সাম্প্ৰতিক ৰূপটোক আকৰ্ষণীয় বুলি ক’ব পাৰি। এই ৰূপৰ অধিক উত্তৰণৰ প্ৰয়োজন আছে আৰু সৃষ্টিৰ প্ৰতি কবিসকলৰ দায়বদ্ধতাই উত্তৰণৰ বাট কাটিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে। আজিৰ কবিৰ সন্মিলনত সৌৰভ শইকীয়া, প্ৰতীম বৰুৱা, কনকচন্দ্ৰ ৰায়, খঞ্জনা শৰ্মা, মৈত্ৰেয়ী পাটৰ, ধিমান বৰ্মন, দিগন্ত নিবিৰকে ধৰি কেইবাগৰাকীও প্ৰতিভাৱান কবিয়ে অংশগ্ৰহণ কৰে৷
Assamese | October 27, 2025 9:19 PM | Akashvani | Akashvani Guwahati | Asom prakashan parishad | Bongaigaon
বঙাইগাঁও গ্রন্থমেলাত ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী