October 27, 2025 9:19 PM

views 154

বঙাইগাঁও গ্রন্থমেলাত ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী

বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত চলি থকা বঙাইগাঁও গ্রন্থমেলাত আজি ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত এখন কবি সন্মিলনৰো আয়োজন কৰা হয়। ৰাজ্যৰ বিশিষ্ট কবি, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম কামালুদ্দিন আহমেদে কবি সন্মিলনখন সঞ্চালনা কৰে। ড০ আহমেদে কয়, যে অসমীয়া কবিতাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে দীৰ্ঘ পৰিক্ৰমা অতি...

July 11, 2025 1:05 PM

views 57

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ১১ দিনীয়াকৈ গুৱাহাটী শিশু মহোৎসৱ

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা ভালেমান কার্যসূচী গ্রহণ কৰা হৈছে। পুৱাৰ ভাগত যোগাসনৰ প্ৰশিক্ষণেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত আজিৰেপৰা বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক সমল ব্যক্তিৰূপে লৈ শিশুসকলৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কেইবাটাও অনুষ্ঠান ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। ১১ দিনীয়াকৈ আয়োজন কৰা এই মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত শিশু গ্রন্থ মেলাত বিভিন্ন প্রকাশন গোষ্ঠীৰ শিশু উপযোগী গ্ৰন্থ ৰেহাই মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিদিনে বিয়লি ৪ বজাত শিশু চল...

August 27, 2024 7:45 PM

views 54

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত আজিৰ পৰা গ্ৰন্থমেলা অনুষ্ঠিত হয়। বৰপেটা মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত তিনিদিনীয়াকৈ আয়োজিত গ্রন্থমেলাখন শিক্ষাবিদ তথা বৰপেটা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাৰিন্দ্ৰ ভূঞাই উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সাহিত্যিক অক্ষয় কুমাৰ মিশ্র, লেখিকা মনালিছা শ‍ইকীয়া উপস্থিত থাকে । উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে ৰাজ্যৰ মহাবিদ্যালয়সমূহত গ্রন্থমেলা অনুষ্ঠিত কৰাৰ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ প্ৰথমখন...