২০২৬ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান অসম প্ৰকাশন পৰিষদৰ

অসম প্ৰকাশন পৰিষদে ২০২৬ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান কৰিছে। ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক এই বঁটা প্ৰদান কৰা হ’ব। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এই বিষয়ে প্ৰকাশ কৰিছে।

তেওঁ জনোৱা অনুসৰি বঁটা প্ৰাপক গ্ৰন্থখনৰ লেখকক পাঁচ লাখ টকাৰ লগতে মানপত্ৰ আৰু প্ৰকাশকক তিনি লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব।

নিৰ্ধাৰিত সময়ছোৱাত প্ৰকাশিত গ্ৰন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে গুগল ফৰ্মৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰি তাৰ এটা প্ৰিণ্ট আউটৰ সৈতে গ্ৰন্থৰ দুটাকৈ কপি অহা ১৫ নৱেম্বৰৰ ভিতৰত পৰিষদৰ কাৰ্যালয়ত জমা দিব লাগিব।

ডাক যোগেও গ্ৰন্থৰ কপি প্ৰেৰণ কৰিব পাৰিব। প্ৰপত্ৰখন অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটত উপলব্ধ হ’ব।