● ৰে’ল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা কালি সন্ধিয়া দুজন বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’ল সুৰক্ষা বাহিনীয়ে সন্দেহজনকভাৱে ষ্টেচনত ঘূৰি ফুৰা গোলাম ৰাববানী নামৰ লোকজনক আটক কৰাৰ কিছু সময়ৰ পাছতে গোলামৰ ভাতৃ আশাৰুল ইছলামকো আটক কৰে। বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ লোক দুজনে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা তাম্বমৰ এক্সপ্ৰেছ ৰে’লেৰে মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি ৰে’ল আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা পশ্চিমবংগত প্ৰস্তুত কৰা আধাৰ কাৰ্ড আৰু বাংলাদেশৰ ছীমকার্ড থকা দুটা ম’বাইল ফোন জব্দ কৰে ।
Assamese | June 24, 2025 1:01 PM | Akashvani | Akashvani News | Bangladesi | Bongaigaon
নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা দুজন বাংলাদেশী নাগৰিকক