বঙাইগাওঁ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধানাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্রমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধানাগাৰৰ ভিতৰচ’ৰাত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়া, শ্ৰমিকক প্রাপ্য মজুৰি আদায় নিদিয়া আদি অভিযোগ উত্থাপন কৰি কেইবাশতাধিক শ্রমিকে ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
Assamese | October 8, 2025 8:43 PM | Aakashbani | Akashvani News | Bongaigaon | Protest
বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্রমিক সংগঠনৰ প্ৰতিবাদ সাব্যস্ত