July 15, 2026 8:20 PM
5
আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি পালন
সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কর্মবিৰতি পালন কৰে। চেট্টী আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্রদান কৰা হুকুম সম্পূর্ণভাবে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্রতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কর্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহ্বান মর্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কর...