July 15, 2026 8:20 PM | Protest

printer

আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি পালন

সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কর্মবিৰতি পালন কৰে। চেট্টী আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্রদান কৰা হুকুম সম্পূর্ণভাবে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্রতিবাদ সাব্যস্ত কৰিছে।

বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কর্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহ্বান মর্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কর্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম-কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱা বিধি প্রণয়ন, দৰমহাৰ বিসঙ্গতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমর্থনত দুদিনীয়া কর্মবিৰতি কাৰ্যসূচী পালন কৰে। কর্মচাৰীসকলে জানিবলৈ দিয়া মতে, তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পিছতো পূৰণ নোহোৱাত এই প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

ইপিনে, ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শর্মিলা ভূঞা ফাষ্ট ট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহ’ল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্রহণ কৰিব পৰা নহ’ল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।