গোৱালপাৰা জিলাৰ কুঁৱাৰ পানীত পূৰ্বে চিনাক্ত নোহোৱা দুবিধ তলসুঁতীয়া মাছ আৱিষ্কাৰ

গোৱালপাৰা জিলাৰ কুঁৱাৰ পানীত পূৰ্বে চিনাক্ত নোহোৱা দুবিধ তলসুঁতীয়া মাছ আৱিষ্কাৰ কৰা হৈছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইয়াৰ লগে লগে অসমে গোলকীয় জৈৱ বৈচিত্র্য গৱেষণাৰ দিশত বিজ্ঞানীসকলক নতুন চিন্তাৰ সমল দিছে।

আৱিষ্কৃত মাছ দুবিধক গিচাক নাকানা আৰু ৰাকথামিচথিচ আঞ্চি বুলি কোৱা হৈছে। ইয়াৰে গিচাক নাকানা নামৰ মাছবিধ অতি ক্ষুদ্র, স্বচ্ছ আৰু চকুহীন। স্বচ্ছ হোৱা বাবে ইয়াৰ তেজ আৰু ভিতৰৰ অংগসমূহ স্পষ্টকৈ দেখা যায় আৰু ৰঙচুৱা যেন দেখি।

আনহাতে ৰাকথামিচথিচ আঞ্চি নামৰ মাছবিধ দীঘলীয়া আৰু সাপৰ দৰে আকৃত্ৰিৰ। ২০২১ চনত গৱেষক ৱিমাৰিথি কে মাৰাকে গিচাক নাকানাৰ নমুনা সংগ্ৰহ কৰিছিল আৰু ২০২৪ চনত আনবিধ মাছ চিনাক্ত কৰিছিল। এই মাছ দুবিধৰ গৱেষণাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৈজ্ঞানিকসকলেও সহযোগিতা আগবঢ়াইছে। মাছ দুবিধৰ দেহৰ গঠন বিশদভাৱে পৰীক্ষা কৰিবলৈ উন্নত মাক্ৰ’চিটী স্কেনিং প্রযুক্তিৰো সহায় লোৱা হৈছে।

বিজ্ঞানীসকলৰ মতে ভূগর্ভস্থ জলজ পৰিৱেশত এতিয়াও আৱিষ্কাৰ নোহোৱাকৈ বিভিন্ন জীৱ প্ৰজাতি থকাৰ সম্ভাৱনা আছে। অৱশ্যে এই প্ৰজাতি দুবিধ আৱিষ্কাৰ হোৱা স্থানৰ সঠিক তথ্য প্ৰকাশ কৰা হোৱা নাই। প্ৰজাতি দুটাৰ সুৰক্ষা আৰু ইয়াৰ অপ ব্যৱহাৰৰ আশংকা ৰোধ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে।

বনমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰি কয়, যে ভূপৃষ্ঠৰ পানী প্ৰদূষিত হ’ল সেই প্রদূষণ ভূগর্ভস্থ পানীলৈ বিয়পিব পাৰে ইয়াৰ ফলত এই দুৰ্লভ আৰু বিজ্ঞানে এতিয়ালৈ চিনাক্ত নকৰা জীৱসমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।