শিক্ষাত পুঁজি বিনিয়োগ বৃদ্ধি, বিদ্যালয়সমূহৰ উন্নত সা-সুবিধা শ্ৰেণীৰ পৰিসৰ ক্ষুদ্ৰকৰণ আৰু কাম কৰাৰ পৰিৱেশ অনুকুল কৰি তোলাৰ দাবীৰে গ্ৰীচত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ৰাজহুৱা খণ্ডৰ কৰ্মীয়ে কালি সমদল উলিয়ায়। গ্ৰীচ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে চেণ্ট্ৰেল এথেন্সত কমেও ১০ হাজাৰ প্ৰতিবাদকাৰী শান্তিপূর্ণভাৱে সমবেত হয় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহতো প্রতিবাদ সাব্যস্ত হয়।
সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদকাৰীসকলে গ্ৰীচৰ পৰা ফ্ৰান্সলৈকে তেওঁলোকে ৰাজহুৱা তথা বিনামূলীয়া শিক্ষা বিচাৰে বুলি প্ৰতিবাদী ধনি দিয়ে। তেওঁলোকে কম মজুৰি আৰু কৰ্মচাৰীৰ অভাৱ হোৱা বুলি অভিযোগ তুলি প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলেও প্ৰতিবাদ সাব্যস্ত কৰে। অস্থায়ীভাৱে নিয়োজিত শিক্ষকসকলে স্থায়ী চাকৰিৰ আহ্বান জনোৱাৰ বিপৰীতে সংগঠনসমূহে উন্নত সেৱা আৰু শিক্ষাত অধিক বিনিয়োগৰ দাবী তোলে।
এই প্রতিবাদী কার্যকলাপে অহা বছৰৰ মাজভাগত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিট্ছ’টাকিছ নেতৃত্বাধীন সোঁপন্থী চৰকাৰৰ ওপৰত চাপৰ সৃষ্টি কৰিছে।