‘‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে কৃত্রিম বুদ্ধিমত্তা অর্থাৎ এ আইৰ আন্তঃগাঁথনি বিকাশ কৰিছে’’ -কেন্দ্রীয় শিক্ষামন্ত্রী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে কৃত্রিম বুদ্ধিমত্তা অর্থাৎ এ আইৰ আন্তঃগাঁথনি বিকাশ কৰিছে আৰু ১ কোটি যুৱক-যুৱতীক এ আইৰ প্ৰশিক্ষণ প্ৰদান কৰি ৪টা এ আই উৎকর্ষতা কেন্দ্ৰৰ জৰিয়তে গৱেষণা শক্তিশালী কৰি তুলিছে।

কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে এ আই যুগৰ বাবে ভাৰতীয় স্নাতকসকলৰ প্ৰশিক্ষণ সন্দৰ্ভত এটা লেখা শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দেশৰ উচ্চ শিক্ষা ব্যৱস্থাই কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সমস্যা সমাধানৰ ক্ষেত্ৰত বাস্তৱসন্মত কৌশল অৱলম্বন কৰিব লাগিব। তেওঁ কয়, যে উচ্চ শিক্ষাক্ষেত্ৰৰ ৪.৫০ কোটি শিক্ষাৰ্থী আৰু দেশৰ ১০০ কোটিতকৈ অধিক ভাৰতীয় ২০৩০ চনৰ ভিতৰত কৰ্মক্ষেত্ৰত নিয়োজিত হ’ব।

ইয়াৰ ফলত ভাৰত এখন কৃত্রিম বুদ্ধিমত্তাচালিত অর্থনীতি হিচাপে অগ্ৰসৰ হোৱাৰ পাছত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ এ বিশ্লেষণাত্মক চিন্তা-চৰ্চা আৰু দায়ৱদ্ধ এ আই প্রযুক্তি গ্ৰহণেৰে দেশৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি উল্লেখ কৰে।