উমৈহতীয়া দেৱানী বিধি, ২০২৬ ৰূপায়ণৰ খচৰা নীতি-নিৰ্দেশনা প্রস্তুত কৰিবলৈ অসম চৰকাৰৰ ৮ জনীয়া সমিতি গঠন

অসম চৰকাৰে উমৈহতীয়া দেৱানী বিধি, ২০২৬ ৰূপায়ণৰ খচৰা নীতি-নিৰ্দেশনা প্রস্তুত কৰিবলৈ এখন ৮ জনীয়া সমিতি গঠন কৰিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সমিতিখনৰ সবিশেষ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা জাননী অনুসৰি এই বিধি বলৱৎ সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে সমিতিখন গঠন কৰা হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্রক এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

জাননীখনত উল্লেখ কৰা মতে এই সমিতিখনক জাননী জাৰি কৰাৰ এমাহৰ ভিতৰত খচৰা নীতি-নিৰ্দেশনাসমূহ যুগুত কৰিবলৈ কোৱা হৈছে। এই সমিতিখনে উমৈহতীয়া দেৱানী বিধি অসমত কাৰ্যকৰীভাৱে বলৱৎ কৰাৰ ক্ষেত্ৰত সকলো দিশ লক্ষ্য ৰাখি প্ৰয়োজনীয় নীতিৰ খচৰা প্ৰস্তুত কৰি উলিয়াব।

উল্লেখযোগ্য যে অসম মন্ত্রীসভাই এই বছৰৰ ১২ মে’ত এই বিধেয়কখন বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনাইছিল। ২৫ মে’ত বিধানসভাত এই বিধেয়কখন উত্থাপন হৈছিল আৰু ২৭ মে’ত গৃহীত কৰা হৈছিল।